• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“ন্যায়ৰ বাবে যুঁজাটো গৌৰৱৰ কথা, যদি অপৰাধ হয় তেন্তে মোক জেলত ভৰাওক”: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰত্যাহ্বান প্ৰাক্তন আইএএছ বিষয়া হৰ্ষ মন্দৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2025 7:35 am
338
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সদ্য অসম বিধানসভাত দিয়া এক মন্তব্যত বিতৰ্কিত নাগৰিকত্ব দাবীকাৰীসকলক সহায় কৰা লোকসকলক জেলত ভৰোৱাৰ ভাবুকি প্ৰদান কৰাৰ পিছতে মানৱ অধিকাৰ কৰ্মী তথা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া হৰ্ষ মন্দৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা প’ষ্টত মন্দৰে কৈছে যে তেওঁ এন আৰ চি প্ৰক্ৰিয়া আৰু ডিটেনচন চেণ্টাৰত অমানৱীয়ভাৱে বন্দী হৈ থকা লোকসকলৰ অধিকাৰৰ পক্ষে যুঁজ দিছে আৰু তাত তেওঁ গৌৰৱ অনুভৱ কৰে। তেওঁ কয় —“এই কাম যদি অপৰাধ হয়, তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই জেললৈ যাবলৈ সাজু। মন্দৰে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ এন আৰ চি সন্দৰ্ভত বিতৰ্কিত নাগৰিকত্ব দাবী কৰা লোকসকলৰ অধিকাৰৰ পক্ষে সদায় যুঁজ দিছে, আৰু এই কাৰ্যক তেওঁ অপৰাধ বুলি নাভাবে’

অসম বিধানসভাৰ ১০ জুনৰ অধিৱেশনত মুখ্যমন্ত্ৰী শর্মাই মন্তব্য কৰিছিল যে “তেওঁলোকৰ ৰাজ্যিক সভাপতি হওক, তেওঁলোকৰ সমৰ্থক হৰ্ষ মন্দৰ হওক বা আমেৰিকাৰ আড়ম্বৰপূৰ্ণ বিদ্যালয়ত শিক্ষিত উকীল হওক – অসম কংগ্ৰেছত আজিৰ দিনত পাকিস্তান সমৰ্থকৰ লবী আছে।”

মুখ্যমন্ত্ৰীয়ে চলি থকা বিতাড়ন প্ৰক্ৰিয়াৰ উল্লেখ কৰি কয় যে বৰ্তমান ৩৫ জন বাংলাদেশী নাগৰিকে প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি আছে, যদিও অসমত বান পৰিস্থিতিৰ বাবে তেওঁলোকক আটক কৰি ৰখা হৈছে। অবৈধ অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত “ভয়-মনোৰোগ” সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে আৰু এই বিষয়টো কেৱল “সৰল বিতাড়ন”ৰ পৰা আঁতৰি গৈ বৃহৎ প্ৰসংগত পৰিণত হৈছে বুলি মন্তব্য কৰে।

Recent News

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd