• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 12, 2025 5:19 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ৬ ছেকেণ্ডৰ এক শ্বাসৰুদ্ধকৰ মুহূৰ্ত। সেই সময়ৰ ভিতৰতে আহমেদাবাদৰ মেঘানী নগৰৰ বি জে মেডিকেল কলেজৰ ইউ জি হোষ্টেলৰ মেছৰ চাদত ভাঙি পৰে এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখন। জানিব পৰা মতে, বিমানখনত মুঠ ২৪২ জন লোক আছিল। ইয়াৰে ২৩২ জন যাত্ৰী আৰু ১০ জন ক্ৰু মেম্বাৰ।

বিমানখন দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বিস্ফোৰণৰ ফলত বিমানখনত থকা সকলোৰে মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। এইটো ইয়াতেই শেষ নহয়, বিমান দুৰ্ঘটনাত ২০ জন কনিষ্ঠ চিকিৎসকৰো মৃত্যুৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখন ভাঙি পৰাৰ সময়ত চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে কেন্টিনত খোৱাবোৱা কৰি আছিল।

Apply Now

আহমেদাবাদৰ স্থানীয় অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় লণ্ডন অভিমুখী বিমানখন। প্ৰশাসনিক সূত্ৰৰ পৰা জানিব পৰা মতে, আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ পাঁচ মিনিটৰ পিছতে আহমেদাবাদৰ মেঘনী নগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বিমানখন।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অট্টালিকাটো আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ ইন্টাৰ্ণ চিকিৎসকে ব্যৱহাৰ কৰিছিল। এই কথা প্ৰকাশ কৰিছে প্ৰশাসনৰ এক সূত্ৰই। অৱশ্যে ঘৰটোৰ ক্ষতিৰ পৰিসৰ জানিব পৰা হোৱা নাই।

স্থানীয় লোকৰ দাবী, হোষ্টেলত প্ৰায় ৫০ জন ইন্টাৰ্ণ বাস কৰিছিল। দুৰ্ঘটনাৰ সময়ত যিসকল লোক তাত আছিল তেওঁলোক সকলোৰে মৃত্যুৰ আশংকা কৰা হৈছে।

এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বৃহস্পতিবাৰে দিনৰ ১:৩৮ বজাত আহমেদাবাদ বিমানবন্দৰৰ ২৩ নম্বৰ ৰাণৱেৰ পৰা বিমানখন উৰা মাৰিছিল। গন্তব্যস্থান আছিল লণ্ডনৰ ওচৰৰ গেটৱিক বিমানবন্দৰ। বিমানখনত ২৪২ জন যাত্ৰী আছিল। এতিয়ালৈকে কিমানজন লোকৰ মৃত্যু হৈছে সেই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই প্ৰশাসনে। অনুমান কৰা হৈছে যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইতো বহু লোক আহত হৈছে।

the Super Speciality Resident Quarters, BJMC Boys Hostel Mess, and nearby areas have suffered extensive damage.

the incident occurred during lunchtime when the mess was crowded. the situation is extremely serious, and there are fears that many students may have lost their lives. pic.twitter.com/aZ0OOLwcdV

— zaemon🇮🇳 (@hujiten_cmd) June 12, 2025

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অসামৰিক চিকিৎসালয়খনৰ ইন্টাৰ্ণ চিকিৎসকসকলে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা মেঘনী অঞ্চলৰ বহুমহলীয়া অট্টালিকাটোত বাস কৰে। ইয়াৰ কাষতে থকা এটা অট্টালিকাত আৱাসী চিকিৎসকসকল থাকে। আটাইকেইজনেই আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত আছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd