• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 3:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজাত তাৎক্ষণিক আৰু স্থায়ী যুদ্ধবিৰতিৰ আহ্বান জনোৱা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। স্পেইনে উত্থাপন কৰা এই প্ৰস্তাৱত সকলো পক্ষই যুদ্ধবিৰতিক সন্মান কৰিবলৈ দাবী জনোৱাৰ লগতে হামাছ আৰু অন্যান্য গোটৰ হাতত থকা সকলো পণবন্দীক মুকলি কৰাৰ আহ্বান জনায়। ১৪৯ দেশে  সপক্ষে, আৰু ১২খন দেশে বিৰোদ্ধে আৰু ভাৰতকে ধৰি ১৯খন দেশে ভোটৰ পৰা বিৰত থাকে যদিও এই প্ৰস্তাৱ গৃহিত হয়।

ভাৰতৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিছে অৱগত কৰে যে ভাৰতে ভোটদানৰ পৰা বিৰত আছে কাৰণ ভাৰতৰ মতে সংঘাতসমূহ আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰিব লাগিব। গাজাত মানৱীয় সংকট অধিক ভয়াৱহ হৈ পৰাক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰি অসামৰিক লোকৰ প্ৰাণ হেৰুৱাৰ বাবে গৰিহণা দিয়ে। ইজৰাইলৰ সৈতে শান্তিপূৰ্ণভাৱে এখন সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ সৃষ্টিৰ বাবে ভাৰতে শান্তি আলোচনাক ধাৰাবাহিকভাৱে সমৰ্থন কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

Apply Now

এই প্ৰস্তাৱটোত ইজৰাইলক গাজাৰ অৱৰোধ অন্ত পেলোৱা, সীমান্ত পাৰ হোৱাৰ পথ মুকলি কৰা আৰু সাধাৰণ নাগৰিকৰ ওচৰলৈ মানৱীয় সাহায্য প্ৰদানৰ অনুমতি দিবলৈও আহ্বান জনোৱা হৈছে। ইয়াত ২০২৪ চনৰ জুন মাহৰ পৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ মানি চলিবলৈ দুয়োপক্ষক আহ্বান জনোৱা হৈছে, য’ত যুদ্ধবিৰতি, পণবন্দীসকলক মুকলি কৰি দিয়া আৰু গাজাৰ পৰা ইজৰাইলী বাহিনী প্ৰত্যাহাৰৰ দাবী আদিও অন্তৰ্ভুক্ত আছে।

ইজৰাইল-পেলেষ্টাইন সংঘাত সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ একেধৰণৰ প্ৰস্তাৱৰ পৰা বিৰত থকাৰ ইতিহাস আছে ভাৰতে, শান্তিপূৰ্ণ আলোচনাত নিজৰ বিশ্বাসত অটল। হৰিশে কয় যে ভাৰতে গাজাক প্ৰত্যক্ষ আৰু ৰাষ্ট্ৰসংঘৰ জৰিয়তে মানৱীয় সাহায্য প্ৰদান কৰিছে, আৰু সংকট দূৰ কৰিবলৈ পণবন্দীসকলক মুক্ত কৰাৰ লগতে যুদ্ধবিৰতি নিশ্চিত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰে।

যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে একেধৰণৰ প্ৰস্তাৱ গৃহীত কৰাত ব্যৰ্থ হোৱাৰ পিছতে সাধাৰণ পৰিষদৰ ভোটদান কৰা হয়, কাৰণ ইয়াক প্ৰতিৰোধ কৰা একমাত্ৰ স্থায়ী সদস্য আমেৰিকাই ভেটো প্ৰদান কৰিছিল।

হৰিছে আন্তঃৰাষ্ট্ৰীয় সমাজক শান্তি আলোচনা পুনৰ আৰম্ভ কৰাৰ পৰিস্থিতি সৃষ্টিৰ দিশত কাম কৰিবলৈ আহ্বান জনাই কয় যে “নিৰন্তৰ অভিযোগ প্ৰত্যাভিযোগে শান্তিৰ পথহে বন্ধ কৰি দিয়ে।

Tags: GazaCeasefireIndiaForeignPolicyIndiaUNVoteIsraelPalestineMiddleEastConflictParvathaneniHarishUNGeneralAssemblyUNResolution
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am
‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd