সন্তানৰ বিকাশৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি দুজন হ’ল মাতৃ আৰু পিতৃ। মাতৃয়ে যিমানেই স্নেহ, মৰম আৰু যত্নৰে শিশুৰ মানসিক বিকাশৰ বিকাশ ঘটায়, সিমানেই শিশুৰ আচৰণ, মূল্যবোধ আৰু আত্মবিশ্বাসৰ গঠনত পিতৃৰ সমান প্ৰভাৱ পৰে। শিশুৰ জীৱনশৈলীত পিতৃৰ প্ৰভাৱ নিঃসন্দেহে অনস্বীকাৰ্য।
পিতৃৰ সান্নিধ্য আৰু ভূমিকাই শিশুৰ মানসিক, সামাজিক আৰু শৈক্ষিক বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। ইতিবাচক মানসিকতাৰ পিতৃৰ সন্তানৰ আত্মবিশ্বাস, সাহস আৰু সামগ্ৰিক তীক্ষ্ণতা অতি সোনকালে বৃদ্ধি পায়।
গৱেষণাৰ পৰা দেখা গৈছে যে যেতিয়া পিতৃসকল মৰমিয়াল আৰু সহায়কাৰী হয় তেতিয়া শিশুৰ জ্ঞান আৰু সামাজিক বিকাশত ইয়াৰ বিপুল প্ৰভাৱ পৰে। ইয়াৰ উপৰিও ই সামগ্ৰিক সুস্থতা আৰু আত্মবিশ্বাসৰ ভাৱ জগাই তোলে। কাৰণ শিশুৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষানুষ্ঠান হ’ল তেওঁৰ পিতৃ-মাতৃ। বিশেষকৈ পিতৃৰ কিছুমান অভ্যাসে শিশুৰ চৰিত্ৰ, চিন্তা, আচৰণ আৰু ভৱিষ্যতৰ পেছাদাৰী জীৱনত প্ৰভাৱ পেলাব পাৰে।
১) পিতৃ যদি শান্ত স্বভাৱৰ হয় তেন্তে সন্তানৰ স্বভাৱো শান্ত হয়
যদি পিতৃ সদায় শান্ত প্ৰকৃতিৰ, সমস্যাৰ সৈতে মোকাবিলা কৰাত ধৈৰ্য্য দেখুৱায়, তেন্তে এই ধৈৰ্য্য আৰু স্থিৰতাও সন্তানৰ মাজত গঢ় লৈ উঠে।
২) শিশুৰ কলাত্মক স্বভাৱৰ ওপৰত পিতৃৰ প্ৰভাৱ স্পষ্ট
যদি পিতৃ কোনো কলাত্মক কাম যেনে গান গোৱা, চিত্ৰ অংকন, লিখা-মেলা বা অভিনয়ৰ লগত জড়িত হৈ থাকে তেন্তে সেই দিশটোৱে সন্তানক অনুপ্ৰাণিত কৰে। একেদৰে ব্যৱসায়িক দক্ষতা, প্ৰযুক্তি বা খেলৰ প্ৰতি পিতৃৰ আগ্ৰহো শিশুৰ মাজত গঢ় লৈ উঠে।
৩) শিশুৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা পিতৃৰ পৰাই গঢ় লৈ উঠে
যিসকল পিতৃ চিন্তাশীল আৰু দৃঢ় সিদ্ধান্ত লোৱাত অভ্যস্ত, তেওঁলোকৰ সন্তানে সৰুৰে পৰাই সঠিক আৰু ভুল বিশ্লেষণ কৰাৰ ক্ষমতা আৰু সমস্যা সমাধানৰ ক্ষমতা লাভ কৰে।
আমাৰ মানসিক গঠনৰ ভেটি মূলতঃ জন্মৰ পৰা কৈশোৰলৈকে গঠিত হয়। জন্মৰ সময়ত আহৰণ কৰা চৰিত্ৰৰ বৈশিষ্ট্যসমূহ পিছলৈ আৰু শৈশৱৰ বিভিন্ন অভিজ্ঞতাৰ মাজেৰে ৰূপান্তৰিত হয় আৰু ডাঙৰ হোৱাৰ পিছত এক প্ৰকাৰৰ সম্পূৰ্ণ মানসিক গঠন গঢ় লৈ উঠে। পিতৃ-মাতৃৰ নিৰ্দিষ্ট নিৰ্দেশনাতকৈ তেওঁ দেখি বহু বেছি শিকে। সেয়ে পিতৃৰ প্ৰভাৱ শিশুৰ ওপৰত গোটেই জীৱন ৰৈ যায়। এই শিক্ষা জীৱনজোৰা।