মহাৰাষ্ট্ৰৰ শিক্ষা বিভাগে বিদ্যালয়ত তৃতীয় ভাষা সন্দৰ্ভত নিয়ম সলনি কৰিছে। বুধবাৰে এক নতুন অধিসূচনা জাৰি কৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে তৃতীয় ভাষা হিচাপে হিন্দী পাঠদান কৰা হ’ব বুলি উল্লেখ কৰে যদিও সেয়া এতিয়া বাধ্যতামূলক নহয়।
ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ৰাজ্যখনে মাৰাঠী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰাথমিক ছাত্ৰ-ছাত্ৰীৰ বাবে হিন্দী ভাষাক তৃতীয় ভাষা হিচাপে বাধ্যতামূলক কৰিছিল। বিৰোধী মহা বিকাশ আঘাদী মিত্ৰজোঁট আৰু আনকি শাসকীয় বিজেপিৰ ঘনিষ্ঠ দল মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাই এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। বহুতে ইয়াক হিন্দী জাপি দিয়াৰ প্ৰয়াস বুলি সমালোচনা কৰাৰ লগতে মাৰাঠীৰ দৰে আঞ্চলিক ভাষাক অৱহেলা কৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছিল।
উল্লেখ্য যে সংশধিত অধিসূচনাত “বাধ্যতামূলক” শব্দটো আঁতৰোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এতিয়া নিজৰ পছন্দ অনুসৰি আন ভাষাক তৃতীয় ভাষা হিচাপে বাছি ল’ব পাৰিব। কিন্তু এখন বিদ্যালয়ৰ এটা শ্ৰেণীৰ কমেও ২০ জন ছাত্ৰ-ছাত্ৰীয়ে একেটা ঐচ্ছিক ভাষা শিকিব লাগিব, এই সীমা পূৰণ হ’লে বিদ্যালয়ে সেই বিষয়টো উপলব্ধ কৰিব। আৰু সেই ভাষাৰ কোনো শিক্ষক উপলব্ধ নহ’লে বিদ্যালয়ে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিব।
এই পৰিৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অংশ, যিয়ে তিনিটা ভাষাৰ ব্যৱস্থাক প্ৰসাৰিত কৰে। বিশেষকৈ তামিলনাডুত এই নীতিয়ে বিতৰ্কৰ সৃষ্টি কৰিছে, য’ত শাসকীয় ডিএমকে দলে তেওঁলোকৰ দুটা ভাষাৰ ব্যৱস্থা উপযুক্ত বুলি উল্লেখ কৰাৰ লগতে তৃতীয় ভাষা যোগ কৰাৰ বিৰোধিতা কৰিছে। বিজেপিয়ে অৱশ্যে কয় যে এই নীতিয়ে অন্য ৰাজ্যলৈ যোৱা ছাত্ৰ-ছাত্ৰীক সহায় কৰে আৰু কাকো হিন্দী পঢ়িবলৈ বাধ্য নকৰে বুলি মত প্ৰকাশ কৰে।