ৰাজ্যজুৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে গো-মাংসকেন্দ্ৰিক বিতৰ্কই। ধুবুৰীত আৰম্ভ হোৱা এই ঘটনা এতিয়া লখিমপুৰলৈ বিয়পি পৰিছে। মঙলবাৰ সন্ধিয়া লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ ওচৰত গৰুৰ কটা মূৰ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত উত্তাল কৰি তোলে।
এনে ঘটনই সাম্প্ৰদায়িক উত্তেজনাৰ ৰূপ ল’ব পাৰে বুলি আশংকাত ভুগিছে ৰাজ্যবাসী। ইতিমধ্যে ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ সন্দেহত ৩০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, লখিমপুৰত নামঘৰৰ সমীপত তিনিটা গোমূৰ ৰখাৰ ঘটনাৰ সৈতে জড়িত পাঁচ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় “পৰিস্থিতি গুৰুতৰ,যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আছে।” তেওঁ লগতে কয় যে আৰক্ষীয়ে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু অতি সোনকালেই পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিব বুলি আশা প্ৰকাশ কৰে।
তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো এই সন্দৰ্ভত সমালোচনা কৰি কয় যে, “এই সাম্প্ৰদায়িক উত্তেজনাৰ বীজ তেওঁৰ মানসিকতাতেই নিহিত।” লগতে, শৰ্মাই দাবী কৰে যে কেৱল এটি নিৰ্দিষ্ট ধৰ্মীয় গোটে গো-মাংস খায়, আৰু হিন্দুসকলে গাহৰিৰ মাংস গ্ৰহণ কৰে বুলি মন্তব্য কৰে। এই মন্তব্যে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। বিৰোধীসকলে এই মন্তব্যক বিভাজনমূলক আৰু উত্তেজনাপূৰ্ণ বুলি অভিহিত কৰিছে।
উল্লেখযোগ্য যে, পূৰ্বে ধুবুৰীত চলি থকা উত্তেজনা নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে “শ্বুট এট চাইট” নিৰ্দেশ জাৰি কৰিছিল। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত দাবী কৰিছিল যে বাংলাদেশ ভিত্তিক উগ্ৰপন্থী সংগঠন নোবিন বাংলা ধুবুৰীক বাংলাদেশৰ অংশ হিচাপে দাবী কৰি পোষ্টাৰ লগাইছিল, যাৰ জৰিয়তে অঞ্চলটোৰ শান্তি ভংগ কৰাৰ অপচেষ্টা চলাইছিল।