• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 10:00 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ পদাংক অনুসৰণ কৰাৰ প্ৰতিযোগিতাত এইবাৰ স্থান লাভ কৰিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। একমাত্ৰ মন্ত্ৰী পত্নী হোৱাৰ সুবাদতে ৰঙিয়াত গো-পালন কৰা ফাৰ্মৰ নামত ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে জুলি ডেকা বৰুৱাই। মন্ত্ৰী পত্নীগৰাকীক এই ৰাজসাহায্য প্ৰদান কৰিবলৈ চৰকাৰী নীতি-নিয়ম পৰ্যন্ত সলনি কৰি দিয়া হৈছে।

আজি এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে। এই সংবাদমেলত অশোক শৰ্মাই আজি কয় যে প্ৰকৃত গোপালকসকলক বঞ্চিত কৰি মন্ত্ৰী পত্নীয়ে নিজেই হিতাধিকাৰী হৈছে আৰু ইয়াৰ বাবে সকলোধৰণৰ নীতি-নিয়ম উলংঘা কৰা হৈছে। নীতি-নিয়ম উলংঘা কৰা নথি-পত্ৰও সংবাদমেলত ৰাজহুৱা কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। ”মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে। কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই ৫০ লাখ টকাৰ ছাবছিডি লৈছে। গাখীৰৰ ব্যৱসায় বা শ্বেত বিপ্লৱ বজালীৰ পৰাই আৰম্ভ হৈছে। এই বিপ্লৱ নলবাৰীতো শিপাইছে। গতিকে যিসকলে প্ৰকৃতাৰ্থত এই ব্যৱসায় কৰি আহিছে তেওঁলোকে ৰাজসাহায্য পালে চৰকাৰৰ পদক্ষেপৰ সকলোৱে শলাগ ল’লেহেতেন।’’—এইদৰে কয় প্ৰাক্তন বিধায়কগৰাকীয়ে। তেওঁ আৰু কয় যে পূৰ্বতে এইধৰণৰ ৰাজসাহায্য ৰাজনৈতিক ব্যক্তিয়ে পোৱাৰ ব্যৱস্থা নাছিল। সেয়ে নিয়মাৱলীৰ ২ আৰু ৩ নম্বৰ নিয়মকেইটা প্ৰত্যাহাৰ কৰি নিজৰ সুবিধামতে নিয়ম কৰি লৈছে। নিজে গঢ়ি লোৱা এই নতুন নিয়মত মন্ত্ৰীৰ পত্নীয়েও ৰাজসাহায্য পাব পৰাৰ ব্যৱস্থা কৰি লোৱা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক শৰ্মাই।

Apply Now

 সংবাদমেলত নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকসকলক অধিক তথ্যৰ সন্ধান কৰি তথ্যভিত্তিক বাতৰি পৰিৱেশন কৰিবলৈকো আহ্বান জনায়। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে কয়, ”দুগ্ধ উন্নয়ন নিগমৰ সঞ্চালকে নিবিদা আহ্বান কৰিছিল। এই নিবিদাৰ আগতে নিয়ম আছিল যে ৰাজনৈতিক ব্যক্তিয়ে ৰাজসাহায্যৰ সুবিধা ল’ব নোৱাৰে। কিন্তু তেওঁলোকে ২, ৩ আৰু নম্বৰ নিয়ম ডিলিট কৰি ৰাজনৈতিক ব্যক্তিয়েও ৰাজসাহায্য পোৱাৰ ব্যৱস্থা কৰি লৈছে। এই তালিকাৰ ১৩ নম্বৰত এতিয়া নাম আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম। ডেকা বৰুৱাই ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে।’’ তেওঁ আৰু কয় যে ৰাজসাহায্য লাভ কৰা ১৫ জনীয়া তালিকাখনত থকা ১০ টা নাম হৈছে দুগ্ধ উৎপাদনৰ সৈতে জড়িত ফাৰ্ম। বিপৰীতে বাকী ৫টা স্থানত আছে ব্যক্তি বিশেষৰ নাম। এই ব্যক্তি বিশেষৰ নাম থকাসকল কেতিয়াৰে পৰা দুগ্ধ পালনৰ সৈতে জড়িত হৈ আছে সেই সম্পৰ্কে ক’তো উল্লেখ নাই। ”এই ৰাজসাহায্য পাবলৈ ন্যুনতম ৩ বছৰৰ ৰিটাৰ্ণ থকা আৰু ৫০ লাখৰ টাৰ্ণ অভাৰ হোৱাৰ কথা নিয়মাৱলীত উল্লেখ আছে।

কিন্তু তথ্য মতে মন্ত্ৰী পত্নীৰ ফাৰ্মখনত গিৰ গাই আহিছে দুবছৰ আগতে। গতিকে এয়াই যদি হৈছে তেন্তে স্পষ্ট হৈ পৰিছে মন্ত্ৰী পত্নী হোৱাৰ সুবাদতে জুলী ডেকা বৰুৱাই ৰাজসাহায্য লাভ কৰিছে আৰু অসমৰ প্ৰকৃত নিবনুৱা যুৱক-যুৱতীসকল, উদ্যমী যুৱক-যুৱতীসকল ৰাজসাহায্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।’’’—মন্ত্ৰী পত্নীক এনেদৰে নিয়ম সলাই ৰাজসাহায্য দিয়া কাৰ্যক গৰিহণা জনাই এইদৰে কয় ৰূপক দাসে। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে কয় যে মন্ত্ৰী পত্নীক ৰাজসাহায্য দি চৰকাৰে যদি মহিলা সবলীকৰণৰ কৰা হৈছে বুলি কয় তেন্তে তাতকৈ হাস্যকৰ কথা আৰু একো হ’ব নোৱাৰে। এই সন্দৰ্ভত ৰূপক দাসে কয়, ”সবলীকৰণ শব্দৰ অৰ্থই হৈছে যি দুৰ্বল তেওঁক সবল কৰা। কিন্তু সবলকেই যদি আপুনি দি থাকে, পেট ভৰাই খোৱা মানুহ এজনক যদি আৰু এসাজ খাবলৈ দিয়ে তেন্তে সেয়া ভোকাতুৰক খাবলৈ দিয়া হৈ নাথাকে। কংগ্ৰেছে মহিলা সবলীকৰণৰ হৈ সদায়েই মাত মাতি আহিছে। কিন্তু নোদোকা মানুহক আৰু নোদোকা কৰি তোলা কাৰ্যৰ বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰে।’’ উল্লেখ্য যে, আজিৰ এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ নব-নিযুক্ত অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসো উপস্থিত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd