এটা সময়ত ভাৰতৰ ৰান আছিল ৩ উইকেটত ৪৩০ ৰান। টীম ইণ্ডিয়াই নিশ্চিতভাৱে অধিক ৰান সংগ্ৰহৰ দিশত আগবাঢ়িছিল। কিন্তু এয়া টেষ্ট ক্ৰিকেট। অলপ শিথিলতাই অতি শীঘ্ৰেই বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। ভাৰতীয় দলৰ অৱস্থাও বহু পৰিমানে তেনেকুৱাই হ’ল নেকি?
অৱশ্য়ে ইমান গুৰুতৰ নহ’লেও সমস্যাটো কিন্তু এতিয়াও সমস্যা হৈয়েই আছে। নহ’লে ভাৰতৰ ইনিংছ ৪৭১ ৰানত কিয় শেষ হ’ব? এই প্ৰশ্নৰ উত্তৰ অৱশ্যেই অত্যন্ত আক্ৰমণাত্মক নীতি! সেইটো দেখুৱাবলৈ গৈ টীম ইণ্ডিয়াই মাত্ৰ ৪১ ৰানত বাকী থকা ৭টা উইকেট হেৰুৱাবলগীয়া হৈছিল।
ক্ৰিকেটৰ এই স্তৰত সেয়া কেতিয়াও বাঞ্ছনীয় নহয়। শুভমন আৰু পন্ত উভতি অহাৰ পিছত ৰবীন্দ্ৰ জাদেজাৰ বাহিৰে (১১) আন কোনো ভাৰতীয় বেটছমেনে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে।
অৱশ্যে শুভমন গিল আৰু ঋষভ পন্তে প্ৰথম দিনাই য’ৰ পৰা শেষ কৰিছিল তাৰ পৰাই আৰম্ভ কৰিছিল। দুয়োজনে ৰক্ষণাত্মক হোৱাৰ পৰিৱৰ্তে আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লৈছিল। ইংৰাজ বলাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰি টিম ইণ্ডিয়াৰ উইকেটকীপাৰগৰাকীয়ে শতক অৰ্জন কৰে।
১৪৬টা বলত শতক অৰ্জন কৰিবলৈ সক্ষম হয় ২৭ বছৰীয়া পন্তে। তাৰ পিছত আপোনপাহৰা উদযাপন। আই পি এলৰ অন্তিমখন মেচতো আৰ চি বিৰ বিৰুদ্ধে শতৰাণ কৰি এইদৰে উদযাপন কৰিছিল পন্তে। পুনৰ ক্ৰিকেট জগতে দেখা পালে তাৰ ‘ৰিপিট টেলিকাষ্ট’।
শতকৰ পিছত পন্তে নিজৰ বেটিং গিয়াৰ সলনি কৰিলে। সম্পূৰ্ণ উন্মাদ মেজাজত আছিল তেওঁ। বিশেষকৈ শ্বোয়াইব বছিৰৰ প্ৰতি নিৰ্দয় হৈ পৰিছিল। অৱশ্যে গিলে নিজৰ ব্যক্তিগত মাইলৰ খুঁটি ১৫০ ৰানত উপনীত হ’বলৈ ৩ ৰান বাকী থকা অৱস্থাত ড্ৰেছিং ৰুমলৈ উভতি যায়। এইদৰেই পন্তৰ সৈতে ২০৯ ৰানৰ ‘স্মৰণীয়’ পাৰ্টনাৰশ্বিপৰ অন্ত পৰিল।
অৱশ্যে ৮ বছৰৰ পাছত টেষ্ট ক্ৰিকেটলৈ উভতি অহা কৰুণ নায়াৰৰ বাবে দিনটো সুখৰ নহ’ল। অনাহকত অত্যধিক খৰখেদা কৰিবলৈ গৈ বেন ষ্ট’কৰ বলত আউট হয়। কিন্তু এই ক্ষেত্ৰত অলি পোপৰ কথাও কব লাগিব। তেওঁ এটা দুৰ্দান্ত কেচ লৈছিল। তাৰ পাছত পন্তো ১৩৪ ৰানৰ অন্তত আউট হয়। শাৰ্দুল ঠাকুৰো খৰখেদা কৰিবলৈ গৈ আউট হ’ল। বুমৰা, ছিৰাজ, কৃষ্ণৰ কোনোৱেই ৰান কৰা নাপালে।
বলিঙে ভাৰতে ভাল আৰম্ভণি কৰিছিল। প্ৰথম অভাৰৰ শেষ বলত ইংলেণ্ডৰ অ’পেনাৰ জেক ক্ৰ’লিক আউট কৰে যশপ্ৰীত বুমৰাহে। কিন্তু ভাৰতে আৰম্ভণিৰ সুবিধাটো ল’ব নোৱাৰিলে। প্ৰথমে ৰবীন্দ্ৰ জাডেজাই বেন ডাকেটৰ সহজ কেচ ড্ৰপ কৰে। সেই ডাকেটক গুৰুত্বপূৰ্ণ ৬২ ৰানত বুমৰাহে বল কৰে। যশস্বী জয়ছৱালেও এটা কেচ ড্ৰপ কৰে। এই ক্ষেত্ৰত অলি পোপে লাইফ পাইছিল। সেই পোপে মাত্ৰ ১২৫টা বলত শতক অৰ্জন কৰিলে।
উইকেটৰ আনটো মূৰত যেতিয়া জো ৰুটে থিতাপি লোৱা যেন লাগিল, তেতিয়াই তেওঁক বুমৰাহে ২৮ ৰানত আউট কৰে। তেওঁৰ বাহিৰে আন কোনো ভাৰতীয় বলাৰ সেই ক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে।
কিন্তু দিনটোৰ শেষ অভাৰত বুমৰাহৰ বাউন্সাৰ হুক মৰা হেৰী ব্ৰুকক আউট দিয়া হয়। কিন্তু সেইটো ন’ বল হ’ল৷ দ্বিতীয় দিনৰ শেষত ইংলেণ্ডে ৩ উইকেটত ২০৯ ৰান কৰে। পোপৰ সৈতে ক্ৰীজত আছে ব্ৰুক। ইংলেণ্ডক প্ৰতিৰোধ কৰিবলৈ বাকী বলাৰসকলে তৃতীয় দিনা ছন্দলৈ উভতিব লাগিব।