• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2025 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা সময়ত ভাৰতৰ ৰান আছিল ৩ উইকেটত ৪৩০ ৰান। টীম ইণ্ডিয়াই নিশ্চিতভাৱে অধিক ৰান সংগ্ৰহৰ দিশত আগবাঢ়িছিল। কিন্তু এয়া টেষ্ট ক্ৰিকেট। অলপ শিথিলতাই অতি শীঘ্ৰেই বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। ভাৰতীয় দলৰ অৱস্থাও বহু পৰিমানে তেনেকুৱাই হ’ল নেকি?

অৱশ্য়ে ইমান গুৰুতৰ নহ’লেও সমস্যাটো কিন্তু এতিয়াও সমস্যা হৈয়েই আছে। নহ’লে ভাৰতৰ ইনিংছ ৪৭১ ৰানত কিয় শেষ হ’ব? এই প্ৰশ্নৰ উত্তৰ অৱশ্যেই অত্যন্ত আক্ৰমণাত্মক নীতি! সেইটো দেখুৱাবলৈ গৈ টীম ইণ্ডিয়াই মাত্ৰ ৪১ ৰানত বাকী থকা ৭টা উইকেট হেৰুৱাবলগীয়া হৈছিল।

Apply Now

ক্ৰিকেটৰ এই স্তৰত সেয়া কেতিয়াও বাঞ্ছনীয় নহয়। শুভমন আৰু পন্ত উভতি অহাৰ পিছত ৰবীন্দ্ৰ জাদেজাৰ বাহিৰে (১১) আন কোনো ভাৰতীয় বেটছমেনে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে।

অৱশ্যে শুভমন গিল আৰু ঋষভ পন্তে প্ৰথম দিনাই য’ৰ পৰা শেষ কৰিছিল তাৰ পৰাই আৰম্ভ কৰিছিল। দুয়োজনে ৰক্ষণাত্মক হোৱাৰ পৰিৱৰ্তে আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লৈছিল। ইংৰাজ বলাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰি টিম ইণ্ডিয়াৰ উইকেটকীপাৰগৰাকীয়ে শতক অৰ্জন কৰে।

১৪৬টা বলত শতক অৰ্জন কৰিবলৈ সক্ষম হয় ২৭ বছৰীয়া পন্তে। তাৰ পিছত আপোনপাহৰা  উদযাপন। আই পি এলৰ অন্তিমখন মেচতো আৰ চি বিৰ বিৰুদ্ধে শতৰাণ কৰি এইদৰে উদযাপন কৰিছিল পন্তে। পুনৰ ক্ৰিকেট জগতে দেখা পালে তাৰ ‘ৰিপিট টেলিকাষ্ট’।

শতকৰ পিছত পন্তে নিজৰ বেটিং গিয়াৰ সলনি কৰিলে। সম্পূৰ্ণ উন্মাদ মেজাজত আছিল তেওঁ। বিশেষকৈ শ্বোয়াইব বছিৰৰ প্ৰতি নিৰ্দয় হৈ পৰিছিল। অৱশ্যে গিলে নিজৰ ব্যক্তিগত মাইলৰ খুঁটি ১৫০ ৰানত উপনীত হ’বলৈ ৩ ৰান বাকী থকা অৱস্থাত ড্ৰেছিং ৰুমলৈ উভতি যায়। এইদৰেই পন্তৰ সৈতে ২০৯ ৰানৰ ‘স্মৰণীয়’ পাৰ্টনাৰশ্বিপৰ অন্ত পৰিল।

অৱশ্যে ৮ বছৰৰ পাছত টেষ্ট ক্ৰিকেটলৈ উভতি অহা কৰুণ নায়াৰৰ বাবে দিনটো সুখৰ নহ’ল। অনাহকত অত্যধিক খৰখেদা কৰিবলৈ গৈ বেন ষ্ট’কৰ বলত আউট হয়। কিন্তু এই ক্ষেত্ৰত অলি পোপৰ কথাও কব লাগিব। তেওঁ এটা দুৰ্দান্ত কেচ লৈছিল। তাৰ পাছত পন্তো ১৩৪ ৰানৰ অন্তত আউট হয়। শাৰ্দুল ঠাকুৰো খৰখেদা কৰিবলৈ গৈ আউট হ’ল। বুমৰা, ছিৰাজ, কৃষ্ণৰ কোনোৱেই ৰান কৰা নাপালে।

বলিঙে ভাৰতে ভাল আৰম্ভণি কৰিছিল। প্ৰথম অভাৰৰ শেষ বলত ইংলেণ্ডৰ অ’পেনাৰ জেক ক্ৰ’লিক আউট কৰে যশপ্ৰীত বুমৰাহে। কিন্তু ভাৰতে আৰম্ভণিৰ সুবিধাটো ল’ব নোৱাৰিলে। প্ৰথমে ৰবীন্দ্ৰ জাডেজাই বেন ডাকেটৰ সহজ কেচ ড্ৰপ কৰে। সেই ডাকেটক গুৰুত্বপূৰ্ণ ৬২ ৰানত বুমৰাহে বল কৰে। যশস্বী জয়ছৱালেও এটা কেচ ড্ৰপ কৰে। এই ক্ষেত্ৰত অলি পোপে লাইফ পাইছিল। সেই পোপে মাত্ৰ ১২৫টা বলত শতক অৰ্জন কৰিলে।

উইকেটৰ আনটো মূৰত যেতিয়া জো ৰুটে থিতাপি লোৱা যেন লাগিল, তেতিয়াই তেওঁক বুমৰাহে ২৮ ৰানত আউট কৰে। তেওঁৰ বাহিৰে আন কোনো ভাৰতীয় বলাৰ সেই ক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে।

কিন্তু দিনটোৰ শেষ অভাৰত বুমৰাহৰ বাউন্সাৰ হুক মৰা হেৰী ব্ৰুকক আউট দিয়া হয়। কিন্তু সেইটো ন’ বল হ’ল৷ দ্বিতীয় দিনৰ শেষত ইংলেণ্ডে ৩ উইকেটত ২০৯ ৰান কৰে। পোপৰ সৈতে ক্ৰীজত আছে ব্ৰুক। ইংলেণ্ডক প্ৰতিৰোধ কৰিবলৈ বাকী বলাৰসকলে তৃতীয় দিনা ছন্দলৈ উভতিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd