শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত মৰিগাঁও আদালতে দোষীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ লগতে জৰিমনা আৰোপ কৰি এক গুৰুত্বপূৰ্ণ আৰু দৃষ্টান্তমূলক ৰায় প্ৰদান কৰিছে।
ঘটনাক্ৰম অনুসৰি মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত মাহমাৰী পথাৰ গাঁৱৰ আব্দুল কৰিম উদ্দিনৰ পুত্ৰ মোঃ ছাৰিফ উদ্দিন ওৰফে ছাৰিফুল ইছলামক POCSO আইনৰ অধীনত Case No. 150/2024 আৰু GR Case No. 1057/2024-ত দোষী সাব্যস্ত কৰে। এই গোচৰৰ শুনানি মৰিগাঁওৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা POCSO আইনৰ অধীনত বিশেষ ন্যায়াধীশ ন.এ আহমেদৰ বিচাৰপীঠে সম্পন্ন কৰে।
ছাৰিফ উদ্দিনক POCSO আইনৰ ৬ নং ধাৰা, য’ত গুৰুতৰ যৌন নিৰ্যাতনৰ বিষয়ে উল্লেখ আছে, সেই অনুসৰি দোষী ঘোষণা কৰি ২০ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ৩০,০০০ টকাৰ জৰিমনা বিহা হয়। যদি তেওঁ এই জৰিমনা পৰিশোধ কৰিবলৈ ব্যৰ্থ হয়, তেন্তে তেখেতে অতিৰিক্ত ৬ মাহ কাৰাদণ্ডৰ সন্মুখীন হ’ব।
আদালতে লগতে উল্লেখ কৰে যে, ছাৰিফ উদ্দিনে ইতিমধ্যে ন্যায়িক জিম্মাত কটোৱা ৯ মাহ ২ দিনক মুঠ শাস্তিৰ সৈতে সামৰি ধৰা হ’ব।
২০২৪ চনৰ ২৩ জুনত আদালতে জাৰি কৰা ৱাৰেণ্টৰ অধীনত মৰিগাঁও জিলা কাৰাগাৰ অধীক্ষকক দোষীক জিম্মাত লৈ ততালিকে আইনগত শাস্তি কার্যকৰী কৰাৰ নিৰ্দেশ দিয়া হৈছে।