• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অম্বুবাচী মেলাৰ ভক্তসকলৰ সেৱাৰ্থে ব্যাপক ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 8:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীসকলৰ বাবে সুবিধাজনক আৰু আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰাৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেই  ব্যাপক ব্যৱস্থা কৰিছে। এই গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰা ভক্তসকলৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে বাবে ধাৰাবাহিক ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা আৰু গুৱাহাটী ষ্টেচনত বিশেষ টিকট কাউণ্টাৰ স্থাপন কৰিছে। তীৰ্থযাত্ৰীসকলৰ বাবে দ্ৰুত আৰু  সুবিধাজনক টিকটৰ ব্যৱস্থাৰ বাবে অতিৰিক্ত কাউণ্টাৰসমূহ দিন-ৰাতি কাৰ্যক্ষম হৈ আছে।

ভক্তসকলক সহায় কৰাৰ এক পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থাৰ (এনএফআৰডব্লিউডব্লিউও)সভানেত্ৰী শালিনী শ্ৰীৱাস্তৱৰ নেতৃত্বত সংস্থাৰ তৰফৰ পৰা কামাখ্যা ষ্টেচন আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত খাদ্য আৰু পানীয় জল বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভক্তসকলৰ যাত্ৰাৰ সময়ত সু-স্বাস্থ্যৰ নিশ্চয়তাৰ বাবে পৰিষ্কাৰ আৰু স্বাস্থ্যসম্মত খাদ্যৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰা হৈছে।

ইয়াৰ উপৰিও অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই দুখন বিশেষ অসংৰক্ষিত ৰে’লৰ চলাচল কৰাব । প্ৰথমখন ৰেল নং ০৫৬৭২/০৫৬৭১ গুৱাহাটী-আলিপুৰদুৱাৰ জংচন-গুৱাহাটী অসংৰক্ষিত বিশেষ। ৰে’ল নং ০৫৬৭২(গুৱাহাটী-আলিপুৰদুৱাৰ জংচন) গুৱাহাটীৰ পৰা ২২ জুনৰ পৰা ২৬ জুন, ২০২৫ লৈ দৈনিক ১৯:২৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা ০৪:০০ বজাত আলিপুৰদুৱাৰ জংচনত উপস্থিত হ’ব।

আনহাতে উভতনি দিশত ৰেল নং ০৫৬৭১ (আলিপুৰদুৱাৰ জংচন-গুৱাহাটী) আলিপুৰদুৱাৰ জংচনৰ পৰা দৈনিক ০৮:০০ বজাত ২৩ জুনৰ পৰা ২৭ জুন, ২০২৫ লৈ চলিব আৰু যাত্ৰাৰ একেদিনাই ১৬:২০ বজাত গুৱাহাটী পাব।

ইয়াৰ উপৰিও যাত্ৰীসকলক অধিক সহায় কৰিবলৈ গুৱাহাটী-নিউ জলপাইগুড়ি-গুৱাহাটী অসংৰক্ষিত বিশেষ ৰে’ল নং ০৫৬৯৮/০৫৬৯৭ও চলিব। ৰে’ল নং ০৫৬৯৮(গুৱাহাটী-নিউ জলপাইগুড়ি) ২৬ জুন, ২০২৫ তাৰিখ বৃহস্পতিবাৰে ২৩:৫৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা ০৮:১৫ বজাত নিউ জলপাইগুড়িত উপস্থিত হ’ব।

ৰে’ল নং ০৫৬৯৭ (নিউ জলপাইগুড়ি-গুৱাহাটী) ২৭ জুন ২০২৫ তাৰিখ শুকুৰবাৰে ১১:১৫ বজাত নিউ জলপাইগুড়িৰ পৰা উভতি আহি একেদিনাই ১৯:৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই গুৰুত্বপূৰ্ণ ষ্টেচন আৰু তীৰ্থ যাত্ৰা কেন্দ্ৰসমূহত কৰ্মী নিয়োগ বৃদ্ধি কৰাটোও নিশ্চিত কৰিছে। যাত্ৰীৰ সহায়, শৃংখলা ৰক্ষা আৰু ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) জোৱানৰ লগতে বাণিজ্যিক আৰু কাৰিকৰী কৰ্মচাৰীক মোতায়েন কৰা হৈছে। দৰ্শনাৰ্থীসকলক তথ্য আৰু প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ হেল্প ডেস্ক আৰু অনুসন্ধান বুথ স্থাপন কৰা হৈছে।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই অম্বুবাচী মেলাৰ সময়ত নিৰাপদ আৰু সুবিধাজনক ৰে’ল সেৱা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু যাত্ৰীসকলক ৰেলৱে কৰ্মচাৰীৰ সৈতে সহযোগিতা কৰি যাত্ৰা সুগম কৰাৰ বাবে অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd