• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 8:59 pm
6k
VIEWS
Share on FacebookShare on Twitter

পৰকীয়া প্ৰেমৰ বাবেই এগৰাকী নাৰীৰ সৈতে সংঘটিত হ’ল কৰুণ কাহিনী। অৱশেষত ফাদিল হ’ল ১৪ জুনত ৰূপালী মুছাহাৰী হত্যাকাণ্ডৰ আঁৰৰ কাহিনী। খোদ স্বামীয়েই শ্ল’ পয়জন দি হত্যা কৰিছিল ৰূপালী মুছাহাৰীক। ফৰেনছিক ৰিপ’ৰ্টত পোহৰলৈ আহিছে ৰূপালীক শ্ল’ পয়জন দি হত্যা কৰাৰ চাঞ্চল্যকৰ তথ্য। হত্যাৰ ৯ দিন পাছত গ্ৰেপ্তাৰ হ’ল পত্নীক হত্যা কৰা স্বামী পংকজ নাৰ্জাৰী। গুৱাহাটীৰ বামুণপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমক সফল কৰিবলৈ গৈ পংকজে অতি নৃশংসভাৱে প্ৰাণ ল’লে স্বয়ং নিজ পত্নীৰ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অন্য মহিলাৰে আছিল পংকজৰ সম্পৰ্ক। আৰক্ষীৰ হাতত ধৰা নপৰিবলৈ পংকজ নাৰ্জাৰীয়ে ৰচিছিল পত্নী হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ। শ্ল’ পয়জন দি গুৱাহাটীৰ ভাড়াঘৰত হত্যা কৰিছিল পত্নী ৰূপালী মুছাহাৰীক। যোৱা ১৪ জুনত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। কিন্তু কিমান দিনৰপৰা পত্নীক শ্ল’ পয়জন দিছিল লম্পট পত্নীহন্তা পংকজ নাৰ্জাৰীয়ে? আৰক্ষীৰ জেৰাত নিৰ্লজ্জ স্বীকাৰোক্তি ঘাতক পংকজৰ। যোৱা ৭ জুনত শ্ল’ পয়জনৰ প্ৰথমটো ড’জ দিছিল পত্নী ৰূপালীক। তাৰপাছত ক্ৰমে ৯ জুন, ১১ জুন আৰু শেষৰটো ড’জ দিছিল ১৪ জুনত।

এটা মাল্টি-ভিটামিনৰ বটলত এই বিহ মিহলাই পত্নীক খাবলৈ দিছিল চালাক পংকজে। প্ৰতিবাৰেই শ্ল’ পয়জনৰ ড’জ দিয়াৰ পাছত পত্নীক বামুণপাৰাৰ ভাড়াঘৰত থৈ লগে লগে বাক্সাৰ বাগানপাৰাৰ ঘৰলৈ গুচি গৈছিল পংকজ নাৰ্জাৰী। কিন্তু ১৪ জুনৰ সন্ধিয়া শ্ল’ পয়জনৰ ড’জ দিয়াৰ পাছতে মৃত্যু হৈছিল ৰূপালী মুছাহাৰীৰ। তেনে সময়তে পত্নীক বিচাৰি ফোন কৰিছিল পৰিয়ালৰ লোকে। কিন্তু  পংকজে পত্নীৰ অসুখৰ বাবে শুই থকা বুলি কৈছিল পৰিয়ালক। তাৰ দুঘণ্টাৰ পাছত পুনৰ ৰূপালী মুছাহাৰীলৈ ফোন কৰে যদিও কোনো উত্তৰ নোপোৱাত পংকজলৈ ফোন কৰে। ফোনত ৰূপালীৰ মৃত্যু হোৱা বুলি কৈ GMCHলৈ নিয়া বুলি জনায়।

পৰিয়ালৰ লোকে লগে লগে GMCHলৈ যায় যদিও পংকজক তাত নাপাই ফোন কৰাত সৎকাৰৰ বাবে বাক্সাৰ বাগানপাৰাৰ ঘৰলৈ নি থকা বুলি জনায়। ৰূপালী মুছাহাৰীৰ পৰিয়ালৰ সন্দেহ ওপজাত বাক্সাৰ ঘৰলৈ যায় পৰিয়ালৰ লোক। বাগানপাৰাত পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ সৎকাৰৰ বাবে খৰখেদা কৰাত সন্দেহ ওপজে পৰিয়ালৰ। লগে লগে আৰক্ষীক খবৰ দিয়াত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰূপালীৰ মৃতদেহ প্ৰেৰণ কৰে হাস্পতাললৈ। ইপিনে পূৰ্বৰে পৰা পত্নী ৰূপালী মুছাহাৰীক শ্ল’ পয়জন দি হত্যা কৰাৰ ভাবুকি দি আহিছিল স্বামী পংকজ নাৰ্জাৰীয়ে। ইপিনে মঙলবাৰে  পংকজ নাৰ্জাৰীক লগত লৈ বামুণপাৰাৰ ভাড়াঘৰত অভিযান চলায় গড়চুক আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে। অভিযানকালত শ্ল’ পয়জনৰ কেইবাটাও বটল উদ্ধাৰ কৰে আৰক্ষীয়ে।

Recent News

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd