• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 28, 2025 11:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিয়াললৈ চৰকাৰী ৰাজসাহায্য প্ৰদানৰ অভিযোগক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও অভিযোগ।

উল্লেখ্য যে ৰাজ্যৰ ১৫ খন দুগ্ধপামক ১ কোটি টকাকৈ ঋণ প্রদান কৰিছে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন নিগমে। ইয়াৰে ৫০ লাখ টকা ৰাজসাহায্য দিয়া হৈছে। ইতিমধ্যে হিতাধিকাৰীৰ ১৫ জনীয়া তালিকা প্রকাশ কৰিছে। সেই তালিকাত আছে মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা, বিধায়ক সিদ্ধার্থ ভট্টাচার্যৰ পত্নী মনালিছা ভট্টাচার্যৰ লগতে বিজেপিৰ বহু মন্ত্রী-বিধায়কৰ ঘনিষ্ঠৰ নাম। এই বিতৰ্কই ৰাজ্য জোকাৰি থকাৰ সময়তে পোহৰলৈ আহিছে যে গৰুখুঁটি চৰকাৰী কৃষিপামৰ বাবে গুজৰাটৰ পৰা অনা ২০ জনী গীৰ গাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ নিয়া হৈছে।

Apply Now

এই সম্পৰ্কত সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, “তেওঁলোকে গৰুৰ নামত ভোট বিচাৰে, আৰু আজি তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য পোহৰলৈ আহিছে। কোনো মন্ত্ৰীৰ পৰিয়ালৰ সদস্যই যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে কিন্তু তেওঁলোকে সাধাৰণ নাগৰিকৰ দৰে বেংক বা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানলৈ কিয় নাযায়?”

গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে কিয় সাধাৰণ নাগৰিকে ক্ষুদ্ৰ ঋণৰ বাবে শাৰী পাতি আৰ্থিক তদন্তৰ সন্মুখীন হ’বলগীয়া হয়, আনহাতে প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালে জনকল্যাণমূলক আঁচনিৰ জৰিয়তে প্ৰত্যক্ষ সমৰ্থন লাভ কৰে। অসমত হাজাৰ হাজাৰ প্ৰকৃত গৰু পালক আছে, কিন্তু তেওঁলোকে ৰাজসাহায্য নাপায়।

ৰাজ্যৰ বহু প্ৰচাৰিত ‘লখপতি বাইদেউ’ আঁচনিৰ সম্পৰ্কে গগৈয়ে মন্তব্য কৰে যে, ‘মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত প্ৰতিমাহে ১২৫০ টকাৰে মহিলাসকলক সবলীকৰণৰ কথা কয়। আনহাতে মন্ত্ৰীৰ পৰিয়ালৰ মহিলাসকলে—যিসকলে লাখ লাখ টকাৰ সোণ পিন্ধে—তেওঁলোকে চৰকাৰী আঁচনিৰ দ্বাৰা ৩০ লাখ টকা লাভ কৰিছে। এইটোৱেই নেকি বিজেপিয়ে ‘পৰিৱৰ্তন’।

গগৈয়ে নিৰ্বাচিত হিতাধিকাৰী আৰ্হিকো সমালোচনা কৰি বিভিন্ন কল্যাণমূলক আঁচনিত বিজেপি নেতা আৰু তেওঁলোকৰ ঘনিষ্ঠ লোকসকলক প্ৰাথমিক হিতাধিকাৰী হিচাপে সুমুৱাই দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে।

ইয়াক জনসাধাৰণৰ আস্থাক প্ৰতাৰণা বুলি অভিহিত কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘ৰাইজে আয়কৰ, জিএছটি, বৃদ্ধি পোৱা বিদ্যুতৰ বিল, আৰু টোল কৰ আদায় দিয়ে। সেই ধন সাধাৰণ মানুহৰ সহায়ৰ বাবেহে, মন্ত্ৰীৰ পৰিয়ালে চলোৱা ব্যৱসায়ৰ বাবে নহয়।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd