ৰাজ্যৰ শিক্ষকসকলৰ বাবে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে। শুকুৰবাৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিলে বিশেষ জাননী।
এতিয়াৰে পৰা শিক্ষকসকল বাধ্যতামূলকভাৱে পুৱা ৯ বজাত উপস্থিত হ’ব লাগিব বিদ্যালয়ত।
শিক্ষা সেতু এপত সঠিকভাৱে ৰেকৰ্ড হ’ব লাগিব শিক্ষকসকলৰ স্কুললৈ অহা আৰু যোৱাৰ সময়। অনা-শৈক্ষিক কৰ্মচাৰীসকল উপস্থিত হ’ব লাগিব পুৱা ১০ বজাত আৰু বিদ্যালয়ত ৪.৩০ বজালৈ উপস্থিত থাকিব লাগিব।
প্ৰতিগৰাকী শ্ৰেণী শিক্ষক ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত। প্ৰতিদিনে প্ৰধান শিক্ষকে উপস্থিতিৰ তথ্যৰ শুদ্ধতা পৰীক্ষা কৰিব।
এতিয়াৰে পৰা হাইস্কুল পৰ্যায়তো সকলো স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব। এই সকলো নিৰীক্ষণ কৰিব প্ৰধান শিক্ষকে।