ডিগবৈত সংঘটিত হৈছে এক কৰুণ ঘটনা। ডিগবৈৰ পানীবাৰীৰ এখন চাহ বাগিছাত ৰহস্যজনকভাবে উদ্ধাৰ হৈছে এটা হাতী পোৱালীৰ মৃতদেহ। হাতী পোৱালীটোৰ বয়স ৮ বছৰ বুলি জানিব পৰা গৈছে।
স্থানীয় বাসিন্দা বিনোদ মুণ্ডাৰ মালিকানাধীন বাগিচাখনৰ ভিতৰতে প্ৰাণহীন অৱস্থাত উদ্ধাৰ হৈছে প্ৰায় ৮ বছৰ বয়সৰ হাতীটো।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ডিগবৈ বন বিভাগৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে।
কিন্তু পশু চিকিৎসকসকলে মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰিব পৰা নাই।
উল্লেখ্য যে যোৱা মাহত ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লখিমপথাৰৰ পৰা আন এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বিগত বছৰবোৰত ভীমপথাৰ আৰু হালধিবাৰীতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল, য’ত ৰহস্যজনক পৰিস্থিতিত আৰু দুটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ হৈছিল।
এনে ঘটনাৰ সঘনতা বৃদ্ধি পোৱাৰ পাছতো বন বিভাগে এই মৃত্যুৰ আঁৰৰ কাৰণসমূহ ৰাজহুৱাভাৱে স্পষ্ট নকৰাত পৰিৱেশ সংগঠন আৰু বন্যপ্ৰাণী কৰ্মীসকলৰ সমালোচনাৰ সন্মুখীন হৈছে। বিভাগটোৰ মৌনতা আৰু এই অস্পষ্ট মৃত্যুৰ সমাধানৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থাৰ অভাৱক লৈ ডিগবৈৰ বহু প্ৰকৃতিপ্ৰেমীয়ে ক্ৰমাৎ উদ্বেগ প্ৰকাশ কৰিছে।