গুৱাহাটীৰ খাৰঘুলি অঞ্চলত বুধবাৰে পুৱা এটা বন্ধ কোঠাৰ ভিতৰত এগৰাকী মহিলাক ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মহিলাগৰাকীক হত্যাৰ সন্দেহ কৰা হৈছে।
মৃত মহিলাগৰাকীক বন্দনা দাস বুলি চিনাক্ত কৰা হৈছে।
পুৱা প্ৰায় ৭:৩০ বজাত এটা আৱাসিক অট্টালিকাৰ ভিতৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। লতাশিল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ লগে লগে অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰে।
লতাশিল থানাৰ এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰিছে যে ইয়াক এটা হত্যাৰ ঘটনা হিচাপে গণ্য কৰা হৈছে।
বিষয়াগৰাকীয়ে কয়, ‘পুৱা প্ৰায় ৭:৩০ বজাত মৃতদেহটো উদ্ধাৰ কৰা হয়, আৰু ই এটা নিশ্চিত হত্যাৰ ঘটনা। আমি বিষয়টোৰ তদন্ত কৰি আছো আৰু পিছত অধিক সৱিশেষ জনোৱা হ’ব।
ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে অট্টালিকাটোৰ কেয়াৰটেকাৰ ৰাতুল দাসক আটক কৰা হৈছে। অপৰাধস্থলীৰ বিশদ পৰীক্ষাৰ বাবেও ফৰেনছিক বিশেষজ্ঞক মাতি অনা হয়।