প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ
অসমৰ কামৰূপ জিলালৈ বৈ যোৱা সৰু নদী কুশলী নদীৰ জলবিদ্যুৎ প্ৰকল্পক লৈ ব্যাপক প্ৰতিবাদ। কুলশী নদীত ৫৫ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱৰ বিৰুদ্ধে দক্ষিণ পশ্চিম অসমত ১৯টা সংগঠনৰ সদস্যই ২৫ জুনত প্ৰতিবাদ সাব্যস্ত কৰে । এখন বৈঠকৰ অন্তত ২জুনত আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত অঞ্চলসমূহ সমাধানৰ উদ্দেশ্যে এই প্ৰকল্পৰ কথা ঘোষণা কৰিছিল অসম আৰু মেঘালয় চৰকাৰে । অসম চৰকাৰ হায় হায়, মেঘালয় চৰকাৰ হায় হায়, কুলশী নদীত বান্ধ নিৰ্মাণ নচলিব, প্ৰকৃতি ধ্বংস নচলিব আদি ধ্বনিৰে প্ৰতিবাদ আৰম্ভ কৰে দক্ষিণ কামৰূপৰ প্ৰাকৃতিক সম্পদেৰে চহকী অসম – মেঘালয় সীমান্তৰ অঞ্চলত। কুশলী নদীত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত বাতিলৰ বাবে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা , ছয়গাঁও আঞ্চলিক মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ছয়গাঁও আঞ্চলিক গাৰো ছাত্ৰ সন্থা, গাৰো জাতীয় পৰিষদ, গাৰো মহিলা পৰিষদ আৰু মেঘালয়ৰ খাচী ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল-সংগঠনে উকিয়াম ৰাজহুৱা খেলপথাৰত প্ৰতিবাদী সভা সৃষ্টি কৰে । জানিব পৰা মতে, মুঠ ২৭ খন গাৱৰ লক্ষাধিক লোকৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে এই জলবিদ্যুৎ প্ৰকল্পই ।
স্থানীয় লোকসকলৰ মতে জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ ফলত নদীত থকা ডলফিনৰ ক্ষতি হ‘ব । REPORT ON GANGETIC RIVER DELPHINE STUDY ৰ মতে কুলশী নদী, যি মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ পৰা অসমৰ কামৰূপ জিলালৈ বৈ গৈছে, সেই নদীত প্ৰায় ২০ ৰ পৰা ২৫ টা কৈ ডলফিন আছে। যিকোনো উন্নয়নমূলক কাৰ্যকলাপে নিশ্চিত ভাৱে নদীত থকা ডলফিনৰ জনসংখ্যাক প্ৰভাৱিত কৰিব। চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাংগেয় ডলফিনৰ প্ৰথমটো প্ৰাক্কলন উদ্বোধন কৰিছিল, য‘ত অসমৰ কুশলী নদীত ২০ ৰ পৰা ২৫টা প্ৰজাতিৰ জনসংখ্যাকে ধৰি অসমত ৬৩৫ টা প্ৰজাতিৰ নথিভুক্ত কৰা হৈছিল।
গাৰো নেশ্যনেল কাউন্সিলৰ উপদেষ্টা সুনীত টি মাৰাকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ কয়, “অসম আৰু মেঘালয় চৰকাৰে জধেমধে লোৱা এই সিদ্ধান্তৰ আমি সদায়েই বিৰোধ কৰি যাম । ৰাইজৰ ভূমি, নদী মাৰি কৰিবলৈ লোৱা ছেটেলাইট চিটী, নদী বান্ধৰ বিৰোধিতাত ৰাইজে ওলাই আহি প্ৰতিবাদ কৰিব লাগিব। চৰকাৰে আদানী-আম্বানীৰ সুৰক্ষা তথা ব্যৱসায়িক স্বাৰ্থ পূৰণৰ বাবে এইদৰে ৰাইজক উচ্ছেদ বা ধ্বংস কৰিব বিচৰা কাৰ্য নচলিব “। তাৰোপৰি আৰছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মতিলাল বাকচুৱে প্ৰতিবাদীত অংশগ্ৰহণ কৰি কয়, “কুলসী নদী আমাৰ প্ৰাণ । জৈৱ-বৈচিত্র্য, দুস্প্ৰাপ্য শিহুৰ এই বাসভূমি কুলসীৰ বান্ধৰ বাবে প্ৰায় ৬২ ফুট ওখ বেৰ নিৰ্মাণ কৰিবলগীয়া হ‘লে ৯০ শতাংশ কৃষিজীৱী লোকে জীৱন-জীৱিকা হেৰুৱাব লাগিব । সংৰক্ষিত বনাঞ্চলৰো ক্ষতি হ‘ব । অকল ৰাভা নহয়, অঞ্চলটোৰ বিভিন্ন গাৰো, খাছী আদি জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি-সংস্কৃতি বিনষ্ট হ‘ব ।” গতিকে চৰকাৰক এই সিদ্ধান্ত বাতিলৰ বাবে তেওঁ দাবী জনায় ।