বৃহস্পতিবাৰে লখিমপুৰ জিলাত ২৩৫ বিঘা মাটি বেদখমুক্ত কৰে প্ৰশাসনে। তথ্য অনুসৰি প্ৰায় ২২০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে।
লখিমপুৰ জিলাৰ উপায়ুক্ত প্ৰণৱ জিত কাকতিয়ে কয় যে প্ৰশাসনে যথাযথ নিয়ম মানি পুৱাৰে পৰা তিনিটা ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভিজিআৰ)কে ধৰি চাৰিটা স্থানত উচ্ছেদ অভিযান চলাই আছে।
তেওঁ কয়,‘আমি ২৯ জুনত পৰিয়ালসমূহক জাননী প্ৰদান কৰিছিলোঁ আৰু তেওঁলোকে দখল কৰা মাটিৰ সপক্ষে নথি দাখিল কৰিবলৈ কৈছিলোঁ। কিন্তু তেওঁলোকে কোনো কাগজ-পত্ৰ দেখুৱাব নোৱাৰিলে। সেই অনুসৰি আমি উচ্ছেদ অভিযান কাৰ্যকৰী কৰিছো।’
প্ৰায় ৪০০ নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ২১ খন বুলডজাৰ আৰু এক্সকেভেটৰেৰে দেবেৰা দলনী, চিৰিং চুক, ঢকুৱাখনিয়াত চলিত উচ্ছেদ চলোৱা হৈছে।
উপায়ুক্ত কাকতিয়ে কয় যে আগন্তুক কেইঘণ্টামানৰ ভিতৰত এই অভিযান সম্পূৰ্ণ হ’ব আৰু মাটি বেদখল কৰাৰ সময়ত কোনো ধৰণৰ অশান্তি হোৱা নাই।
উচ্ছেদ কৰা ২১৮টা পৰিয়ালৰ ভিতৰত ২৫টা খিলঞ্জীয়া সম্প্ৰদায়ৰ আৰু বাকীসকল বাংলাভাষী মুছলমান বুলি আন এজন বিষয়াই জানিবলৈ দিয়ে।
তেওঁ লগতে কয়, ‘চৰকাৰে ২৫টা খিলঞ্জীয়া পৰিয়ালক অন্য কোনো স্থানত মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে।