উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহক ডিজিটেল মাধ্যমতো উপলব্ধ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত তিনি জুলাইৰ পৰা পাঁচ জুলাইলৈ তিনিদিনীয়া ‘PoS Tagset for North East Indian Languages’ শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ হয়।
উক্ত কৰ্মশালাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই উপস্থিত থাকি নিজৰ ভাষণত উল্লেখ কৰে যে, “আঙুলিৰ মূৰত গণনা কৰাৰ পৰা আৰম্ভ কৰি সকলো বস্তু ডিজিটেলাইজ কৰি আমি প্ৰাচীন প্ৰথাৰ পৰা বৰ্তমানৰ যুগলৈ আহিছো, পৰিৱৰ্তনশীল ভৱিষ্যতৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিক আঁকোৱালি লৈছো। ” লগতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাৰ প্ৰতি থকা দায়বদ্ধতাৰো শলাগ লয়।
উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই তথ্য প্ৰযুক্তি বিভাগৰ প্ৰচেষ্টাক উৎসাহ প্ৰদান কৰি কয় যে, “আমি এনেধৰণৰ কৰ্মশালাৰ জড়িয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চহকী ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰত প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি ডিজিটেল যুগত ইয়াৰ উন্নতিৰ বিভিন্ন দিশত গুৰুত্ব প্ৰদান কৰি সমসাময়িক পৰিস্থিতিৰ লগত নিজকে আগুৱাই নিব লাগিব।” লগতে তেওঁ উল্লেখ কৰে যে এই পদক্ষেপে উদ্ভাৱনক আঁকোৱালি লোৱাৰ লগতে ভাষিক বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, তথ্য প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মাই সকলোকে আদৰণি জনাই তথা কৰ্মশালাৰ মূল উদ্দ্যেশ্যৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত আই আই আই টি হাইদৰাবাদৰ অধ্যাপিকা দীপ্তি মিশ্ৰ শৰ্মা উপস্থিত থাকে।
অসমীয়া, বড়ো তথা অন্যান্য অনুসূচীত ভাষাৰ দৰে আঞ্চলিক ভাষাসমূহক আধুনিক ডিজিটেল মাধ্যমত একত্ৰিত কৰাৰ অৰ্থে আয়োজিত উক্ত কৰ্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ অধ্যাপক-অধ্যাপিকা তথা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই প্ৰচেষ্টা উত্তৰ-পূবৰ ভাষা তথা সংস্কৃতি সংৰক্ষণৰ দিশত এক উল্লেখনীয় পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব।