• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2025 1:00 pm
57
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা, চেন্নাই ছুপাৰ কিংছৰ প্ৰিয় ‘চিন্না থালা’ সুৰেশ ৰাইনা এইবাৰ অভিনেতা! এখন তামিল ছবিৰ জৰিয়তে চিনেমা জগতত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে এইজন জনপ্ৰিয় ক্ৰিকেটাৰ। ছবিখনৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও খবৰ অনুসৰি পৰিচালক লোগানে পৰিচালনা কৰিব।

এই ছবিখনৰ বিষয়টোও ৰাইনাৰ ঘনিষ্ঠ আৱেগ – ক্ৰিকেট। অৰ্থাৎ ক্ৰিকেটাৰ হিচাপে খেলপথাৰ কঁপাই যোৱা তেওঁক এইবাৰ চিনেমা এখনত তেওঁৰ জীৱনৰ সৈতে ঘনিষ্ঠ এক চৰিত্ৰত দেখা যাব।

চেন্নাইত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত ৰাইনাৰ পুৰণি সতীৰ্থ চি এছ কেৰ শিৱম ডুবেই কোম্পানীটোৰ ল’গ’ আৰু নাম উন্মোচন কৰে। যদিও ৰাইনা নিজে উপস্থিত থাকিব নোৱাৰিলে, তথাপিও তেওঁ আমষ্টাৰডামৰ পৰা ভিডিঅ’ কলৰ জৰিয়তে এই অনুষ্ঠানত যোগদান কৰে। বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে তাত ছুটীত আছে।

তামিল ভাষা আৰু ডি কে এছ কিয়? এই সন্দৰ্ভত ৰাইনাই কয়, “যেতিয়া পৰিচালকে এই ছবিখনৰ কাহিনী বৰ্ণনা কৰিছিল, তেতিয়া মই অনুভৱ কৰিছিলো যে এইখন আমাৰেই কাহিনী। আৰু যদি ক্ৰিকেট হয়, তেন্তে তামিলনাডুৰ পৰাই আৰম্ভ হোৱা উচিত। কাৰণ মই চি এছ কেৰ হৈ ইমানবোৰ মেচ খেলিছো, ইয়াৰ বাবে ইয়াৰ মানুহৰ মৰম মোৰ হৃদয়ত খোদিত হৈ আছে।”

তেওঁক ধেমেলীয়াকৈ সোধা হ’ল, তেওঁ অভিনেতা হ’লে কেনেকুৱা হ’লহেঁতেন—তেতিয়া ৰাইনাই উত্তৰ দিলে, “মই এজন ভাল গায়ক হ’লোহেঁতেন! মই গীটাৰত টুং টাং বজালোঁহেঁতেন, সতীৰ্থসকলৰ বাবে দোচা বনালোঁহেঁতেন, ৰচম আৰু ভাত খাই আৰাম কৰিলোঁহেঁতেন! একেবাৰেই মানসিক চাপত নাথাকিলোঁহেঁতেন।”

ইপিনে, শিৱম ডুবেকো একেটা প্ৰশ্ন সোধাত তেওঁ ক’লে—ৰোমান্টিক হিৰো! লগে লগে ৰাইনাই হাঁহি হাঁহি ক’লে, “তেওঁ ৰোমান্টিক অভিনেতা হওক, মই ৰোমান্টিক গায়ক হ’ম। যুটিটো জমি উঠিব!”

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd