শেহতীয়াকৈ ডাৱৰ বিস্ফোৰণ আৰু বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা হিমাচল প্ৰদেশৰ মাণ্ডী জিলাৰ থুনাগত পানী যোগান ব্যৱস্থাৰ যন্ত্ৰপাতি, পানীৰ পাইপ, ট্ৰেন্সফৰ্মাৰ আদি পানীত জাহ যোৱাৰ ফলত ভয়াৱহ জল সংকটৰ সন্মুখীন হৈছে।
জল শক্তি বিভাগৰ মুখ্য অভিযন্তা অঞ্জু শৰ্মাই অঞ্চলটো ক্ষয় ক্ষতিৰ বুজ লয়। আাৰু সংবাদ মাধ্যমৰ লগত হোৱা কথা বতৰাত তেওঁ কয় যে, ‘এই সমষ্টিৰ ৮১টা পঞ্চায়তৰ আটাইকেইটাই ক্ষতিগ্ৰস্ত হৈছে। ভুক্তভোগী ৰাইজে বিশুদ্ধ খুৱা পানীৰ উৎসৰ সন্ধানত নামি পৰিছে।
তাৰোপৰি তেখেতে কয়, ” পানীৰ পাইপবোৰ সংযোগৰ ব্যৱস্থা কৰা হৈছে, যদিও ডাঙৰ আঁচনিবোৰে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰে। আমাৰ ট্ৰেন্সফৰ্মাৰ আৰু যন্ত্ৰপাতিবোৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ বিভাগটোক সোহযোগিতা কৰাৰ লগতে ষ্ট’ৰেজ বা হেণ্ড পাম্পৰ পৰা পানী ব্যৱহাৰ কৰাৰ লগতে পানী উতলাই খাবলৈ আহ্বান জনাইছে।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত সমগ্ৰ হিমাচল প্ৰদেশত অবিৰত বৰষুণৰ ফলত ৰাজহুৱা সেৱা সমূহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে। মুঠ ২৬৯টা পথ অৱৰোধ হৈ পৰাৰ লগতে ২৮৫টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ বিকল হৈ পৰিছে আৰু ২৭৮টা পানী যোগান আঁচনিৰ কামো বন্ধ হৈ পৰিছে বুলি জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্যানুসৰি, ৬ জুলাই পুৱা ১০ বজাত জাৰি কৰা দৈনিক পৰিস্থিতিৰ প্ৰতিবেদনত এস.ই.অ’.চিৰ লগতে জিলাখনত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ২৩৬ টা ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পানীৰ আচঁনি বিঘ্নিত হৈছে বুলি জানিব পৰা গৈছে। ইফালে পথৰ অবৰোধৰ ক্ষেত্ৰত কুল্লু জিলা দ্বিতীয় সৰ্বাধিক প্ৰভাৱিত হৈছিল। ভূমিস্খলনৰ বাবে বাঞ্জাৰ আৰু নিৰ্মাণ্ডৰ দৰে অঞ্চলত ৩৯টা পথ অৱৰোধ হৈ পৰিছিল। চাম্বাই ছালুনী, ডালহাউছি, আৰু ভৰমৌৰৰ দৰে মহকুমাত ৩২টা পথ অৱৰোধ আৰু ১৭টা ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, বাৰিষাৰ প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন, পানী জমা হোৱা, আৰু আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ ফলত একাধিক জিলাৰ পথ সংযোগ আৰু অত্যাৱশ্যকীয় সেৱাসমূহত ব্যাঘাত জন্মিছে। সেৱাসমূহ দ্ৰুতভাৱে পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলি আছে, আৰু মাণ্ডি আৰু কুল্লুৰ দৰে অতি প্ৰভাৱিত অঞ্চলত ক্ষেত্ৰ দলসমূহ সতৰ্ক হৈ আছে বুলি সদৰী কৰে।
কৰ্তৃপক্ষই বিশেষকৈ ভূমিস্খলনৰ প্ৰৱণতা থকা অঞ্চলত অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে, ৰাজহুৱা কাম, বিদ্যুৎ, আৰু জল শক্তি বিভাগে ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি মেৰামতিৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে বুলি সদৰী কৰে আৰু শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিবলৈ চেষ্টা কৰি আছে।