সোমবাৰে কেনিয়াৰ ৰাজধানী নাইৰোবিত হিংসাত্মক প্ৰতিবাদৰ সময়ত কমেও ১১ জন লোকক গুলীয়াই হত্যা কৰা হয়। ৫৬৭ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
১৯৯০ চনৰ ৭ জুলাইৰ ঐতিহাসিক ছাবা-ছাবা (সাত-সাত) আন্দোলনৰ ৩৫ বছৰীয়া জয়ন্তী উপলক্ষে এই প্ৰতিবাদৰ আয়োজন কৰা হয়।
ঈগল নাৰ্চিং হোমৰ চিকিৎসক এৰন ছিকুকুই জনোৱা মতে, দুটা মৃতদেহ চিকিৎসালয়লৈ অনা হয়, দুয়োৰে গুলীৰ আঘাতত মৃত্যু হয়।
ইয়াৰ পিছতে চিকিৎসালয়ৰ বাহিৰত শ শ প্ৰতিবাদকাৰীয়ে সমবেত হৈ মৃতদেহ গতাই দিবলৈ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে। সোমবাৰে সন্ধিয়া আৰক্ষীয়ে এক বিবৃতিত কয় যে বিষয়াসকলে “প্ৰৰোচনাৰ পিছতো সংযম আৰু পেছাদাৰিত্ব” বজাই ৰাখিছে।