• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2025 10:00 pm
67
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ নদী আমাৰ জীৱন ৰেখা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ অৰ্থনীতি, জলসম্পদ আৰু জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ, নৈপৰীয়া লোকৰ বৃত্তিগত প্ৰৱণতা যুগ যুগ ধৰি চলি আহিছে। এই ব্ৰহ্মপুত্ৰৰ প্ৰসংগ তথা গুৰুত্ব বুজিয়েই এন ই ফ’কাছৰ উদ্যোগত বুধবাৰে আয়োজিত হয় ব্ৰক্ষ্মপুত্ৰ সন্মিলনঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক এক আলোচনা চক্ৰ। বশিষ্ঠস্হিত অসম ৱাটাৰ চেণ্টাৰত আয়োজিত এই সন্মিলনখনত বহুকেইটা গুৰুত্বপূৰ্ণ দিশে স্থান লাভ কৰে। তাৰ ভিতৰত সেউজীয়া নাও চলাচল, বিল-জলাশয় পুনৰুদ্ধাৰ, জনসাধাৰণৰ মাজত সজাগতা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু গৱেষণা আৰু প্ৰাকৃতিক উপায়েৰে নদীৰ ব্যৱস্থাপনা বিষয়সমূহে স্থান লাভ কৰে। ভূটানে যিদৰে Gross National Happinessক মাপকাঠি হিচাপে লৈ জলবিদ্যুৎৰ ব্যৱস্থা কৰিছে, অসমেও ইয়াৰ উদাহৰণ অনুসৰণ কৰিব পাৰে বুলি আলোচনাত চৰ্চা লাভ কৰে।

আনহাতে দ্বিতীয়খন পেনেল আলোচনাত বহনক্ষম উন্নয়নৰ কাৰণে কিদৰে প্ৰাকৃতিগত অভ্যাসসমূহ আকোঁৱালি ল’ব পাৰি, উদ্ভাৱনীমূলক চিন্তাৰে অগ্ৰসৰ হ’ব পাৰি, এই বিষয়ত আলোচনা হয়।

প্ৰথম পেনেলত অংশ লয় অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্নলীল বৰুৱা, দিল্লী আই ই টিৰ প্ৰবক্তা গৌৰৱ তালুকদাৰ, চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ডৰ পৰিৱেশ বিজ্ঞানী ড০ এছ এছ সিঙে উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত কিদৰে প্ৰত্যাহ্বান আৰু সুবিধা আছে সেই বিষয়ে আলোচনা হয়।

আনহাতে দ্বিতীয় পেনেল চেনেলত নৰ্থ ইষ্ট ইণ্ডিয়া ৱাটাৰ ফ’ৰামৰ কাৰ্যবাহী সভাপতি প্ৰদীপ্ত প্ৰাণ চাং কাকতি, আৰন্যকৰ পৰিৱেশ বিজ্ঞানী পাৰ্থ জে দাস, অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্দিৰা বুঢ়াগোহাঁইএ অংশগ্ৰহণ কৰে।

এই সন্মিলনখনত জলসম্পদ বিভাগ, ফেমা, আভ্যন্তৰীণ জল পৰিবহন বিভাগ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিভিন্ন বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু সাংবাদিকে অংশগ্ৰহণ কৰে। আয়োজক সমিতিৰ হৈ এন ই ফ’কাছৰ সম্পাদক সংগীতা শইকীয়াই কয় যে উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে চৰকাৰী বেচৰকাৰী সংগঠনৰ লগতে কিছু ব্যক্তি বিশেষে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এন ই ফ’কাছে ইয়াৰ পূৰ্বেও পৰিৱেশ তন্ত্ৰৰ সম্পৰ্কে সজাগতা অনাৰ বাবে হলৌ বান্দৰৰ সংৰক্ষণৰ পদক্ষেপ হাতত লৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত জলবায়ু পৰিৱৰ্তন সন্মিলন আয়োজন কৰিছিল।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd