আগতেও কিডনীত পাথৰ গঠন হোৱাৰ কথা শুনা গৈছিল। কিন্তু আজিকালি এই সমস্যাটো বহুত বাঢ়িছে। চিকিৎসকৰ মতে ইয়াৰ আঁৰত খাদ্যৰ ভূমিকা অপৰিসীম। কোনবোৰ খাদ্য বেছিকৈ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় সেই বিষয়ে জানি লও আহক।
১) পালেং শাক আৰু কিছুমান-পাচলিঃ পালেং শাক, বিট, বিলাহী, ৰঙা আলু আৰু পুঁই শাকৰ দৰে শাক-পাচলিত অক্সালেট নামৰ পদাৰ্থ এটা অতি উচ্চ মাত্ৰাত থাকে। এই অক্সালেট মূলতঃ কিডনীত জমা হৈ কেলচিয়াম অক্সালেট পাথৰ গঠন কৰে।
২) বাদাম আৰু বীজঃ কাজু বাদাম, চীনা বাদাম আৰু বিভিন্ন প্ৰকাৰৰ বীজতো অধিক পৰিমাণে অক্সালেট পোৱা যায়। সেয়ে কিডনীৰ সুৰক্ষাৰ বাবে পৰিমিত পৰিমাণে খোৱা ভাল।
৩) অতিৰিক্ত নিমখ আৰু নিমখীয়া খাদ্যঃ চিপচ, চানাচুৰ, চচ বা যিকোনো প্ৰক্ৰিয়াজাত খাদ্যত অতিৰিক্ত নিমখ থাকে। আৰু এই নিমখত থকা ছডিয়ামে কিডনীক অধিক কেলচিয়াম নিৰ্গত কৰিবলৈ বাধ্য কৰে। ইয়াৰ ফলত প্ৰস্ৰাৱত কেলচিয়ামৰ ঘনত্ব বৃদ্ধি পায় আৰু পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
৪) ৰেড মীটঃ ছাগলীৰ মাংস বা আন ৰেড মীটত পিউৰিন নামৰ এবিধ পদাৰ্থ থাকে। এই পিউৰিন ভাঙি ইউৰিক এচিড গঠন কৰে। তেজ আৰু প্ৰস্ৰাৱত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা থাকে।
৫) শীতল পানীয়ঃ চেনিযুক্ত পানীয় বা পেকেটত ভৰোৱা ফলৰ ৰসত থকা অতিৰিক্ত চেনিয়ে কেলচিয়ামৰ বিপাকীয় ক্ৰিয়াত বাধা দিয়ে আৰু কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
৬) অতিৰিক্ত গাখীৰঃ গাখীৰ, পনিৰ, দৈ কেলচিয়ামৰ উৎকৃষ্ট উৎস। হাড় সুস্থ কৰি ৰখাতো জৰুৰী। কিন্তু প্ৰয়োজনতকৈ বেছি খোৱাটোৱে হিতে-বিপৰীত হ’ব পাৰে। অতিৰিক্ত কেলচিয়াম অক্সোলেটৰ লগত মিলি পাথৰ গঠন কৰিব পাৰে।
৭) কফি আৰু চাহঃ দিনটোত দুই-তিনিকাপতকৈ অধিক চাহ বা কফি খালে সেয়া ডিহাইড্ৰেশ্যন হয়। আৰু যেতিয়া শৰীৰ পানীশূন্য হয়, প্ৰস্ৰাৱ ঘন হয়। ডাঠ প্ৰস্ৰাৱৰ ফলত খনিজ লৱণ গোট খাই পাথৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।