• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 7:49 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকা যেন এতিয়া অসমৰ কলীয়াপানী৷ বৰাক উপত্যকাৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত জল-স্থল আৰু আকাশী পথ সকলোৱেই বিধ্বস্ত, দুৰ্গম আৰু ব্যয়বহুল৷ বিশেষকৈ বাৰিষা উপত্যকাটোৰ সৈতে যোগাযোগ একপ্ৰকাৰ অসম্ভৱ হৈ পৰে৷ লোকসভাৰ বিৰোধী উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বৰাকৰে যোগাযোগৰ এই সমস্যা আৰু বৰাকবাসীয়ে সমুখীন হৈ অহা সমস্যা সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰক ৪০ লাখ জনতাৰ প্ৰধানো সমস্যা কেইটা সমাধানৰ ব্যৱস্থা কৰি বৰাকবাসীৰ দীৰ্ঘদিনৰ সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনাইছে। এই দিশত সাংসদগৰাকীয়ে “সুনিৰ্দিষ্ট পদক্ষেপ ল’বলৈ আগ্ৰহী আৰু সংযোগৰ উন্নতি ঘটাব পৰা আৰু অঞ্চলটোৰ জনসাধাৰণে সন্মুখীন হোৱা কষ্ট লাঘৱ কৰিব পৰা যিকোনো প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ সাজু হৈ আছো” বুলি পত্ৰখনত উল্লেখ কৰিছে।

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰে পৰা বৰাক-ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ লগতে পাহাৰীয়া জিলাকেইখন ভ্ৰমণ কৰি গৌৰৱ গগৈয়ে সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমস্যাৰ বুজ লৈছে৷ শেহতীয়াকৈ বৰাক উপত্যকা ভ্ৰমণৰ সময়ত উপত্যকাটোৰ বিভিন্ন সমস্যাৰ লগতে যোগাযোগৰ বিধ্বস্ত ৰূপটোৱে বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে গৌৰৱ গগৈক। সেয়ে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁ পত্ৰখনত লিখিছে, “বাৰে বাৰে ব্যাঘাতৰ সন্মুখীন হৈ বৰাক উপত্যকাৰ জনসাধাৰণে স্থিতিস্থাপকতা দেখুৱাইছে যদিও কেৱল স্থিতিস্থাপকতাই নিৰ্ভৰযোগ্য আন্তঃগাঁথনিৰ বিকল্প হ’ব নোৱাৰে। এই সুযোগতে বৰাক উপত্যকাই যাতে বহুদিনৰ পৰা অপেক্ষা কৰি থকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচৰা প্ৰাপ্য মনোযোগ যাতে লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আপোনাক আহ্বান জনালো।”

Apply Now

বাৰিষাৰ বান আৰু ব্যাপক ভূমিস্খলনে বিধ্বস্ত কৰা ৰেলপথ আৰু স্থলপথেৰে দুৰ্গম যাতায়ত সন্দৰ্ভত পত্ৰখনত উল্লেখ কৰিছে, “ডিমাহাছাওৰ পাহাৰৰ মাজেৰে পাৰ হৈ যোৱা লামডিং-বদৰপুৰ ৰেলপথটো এতিয়া দীৰ্ঘদিনীয়া বিঘিনিৰ সমাৰ্থক হৈ পৰিছে। মাত্ৰ যোৱা পাঁচ বছৰত এই অংশত ভূমিস্খলন, মথাউৰি ভাঙি যোৱা আৰু ভংগুৰ আন্তঃগাঁথনিৰ বাবে কমেও সাতটা বৃহৎ বিজুতি ঘটিছে। কেইবা সপ্তাহ ধৰি ৰে’লসেৱা বন্ধ হৈ আছে, হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে৷ একে সময়তে  ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ সোণাপুৰ, জাটিংগা, আৰু হাৰংগাজাওৰ ওচৰৰ ভূমিস্খলন আৰু ক্ষতিগ্ৰস্ত কালভাৰ্টৰ ফলত বাৰে বাৰে বন্ধ হৈ পৰে। মেৰামতিৰ বাবে ১৩৭ কোটি টকা ব্যয় হোৱাৰ পাছতো শিলচৰ-কলেইন পথৰ হাৰং দলংখন অলপতে ভাঙি পৰাটোৱে পথৰ আন্তঃগাঁথনিৰ পয়ালগা অৱস্থাৰ প্ৰতিফলন ঘটায়।”

আনহাতে আকাশী পথেৰেও যাতায়ত যে এতিয়া সাধাৰণ মানুহৰ বাবে অলীক কল্পনা সেই কথা উল্লেখ কৰি সাংসদ গগৈয়ে পত্ৰখনত উল্লেখ কৰে, “এতিয়া পথ আৰু ৰেল যোগাযোগ দুয়োটা বন্ধ হৈ থকাৰ সময়তে বৰাক উপত্যকা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। নিৰ্ভৰযোগ্য স্থল পথ সংযোগৰ অভাৱত বিমান যাত্ৰাহে একমাত্ৰ বিকল্প হৈ পৰিছে যদিও কমসংখ্যকেহে যাতায়তৰ এই বিকল্পৰ সুবিধা ল’বলৈ সক্ষম হৈছে৷ কাৰণ শিলচৰ আৰু গুৱাহাটীৰ মাজত বিমান ভাড়াই ১৫-১৮ হাজাৰ টকা অতিক্ৰম কৰিছে, যিটো আগৰতলা আৰু গুৱাহাটীৰ মাজত সাধাৰণ হাৰৰ ভাৰাৰ দহগুণতকৈও অধিক৷”

৪০ লাখৰো অধিক নাগৰিকৰ বাসস্থান বৰাক উপত্যকা সাংস্কৃতিক সমৃদ্ধি আৰু জাতীয় অৱদানৰ গৌৰৱময় ইতিহাসৰ সাক্ষী বুলি অভিহিত কৰি প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত উল্লেখ কৰে, “নিৰ্ভৰযোগ্য পৰিবহণ আন্তঃগাঁথনিৰ অভাৱে অৰ্থনৈতিক উন্নয়ন স্তব্ধ কৰি তুলিছে, বিনিয়োগক নিৰুৎসাহিত কৰিছে, চিকিৎসা ৰেফাৰেলত বিলম্ব ঘটাইছে, আৰু অঞ্চলটোৰ যুৱক-যুৱতীসকলক হতাশাৰ মাজলৈ ঠেলি দিছে। নাগৰিক সমাজ আৰু নিৰ্বাচিত প্ৰতিনিধিয়ে এই বিষয়টো বাৰে বাৰে উত্থাপন কৰি আহিছে যদিও ইয়াৰ দীৰ্ঘম্যাদী, জবাবদিহি সমাধান এতিয়াও লুকাই আছে।”

বৃহস্পতিবাৰে প্ৰেৰণ কৰা পত্ৰখনত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীক স্পষ্ট আৰু সময়সীমাবদ্ধ দিক নিৰ্দেশনাৰ সৈতে কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সঁহাৰি জনাবলৈ আহ্বান জনাইছে। এই বিষয়কেইটা হৈছে, আধুনিক অভিযান্ত্ৰিক আৰু জিঅ’-ব্যাৰিয়াৰ ব্যৱহাৰ কৰি লামডিং-বদৰপুৰ ৰে’লপথৰ অংশটো ডাবল লাইন আৰু ভূমিস্খলন প্ৰতিৰোধী কৰি নিৰ্মাণ কৰা৷ বিকল্প লংকা-চন্দ্ৰনাথপুৰ (ময়নাৰবণ্ড) ৰেল লাইনক দ্বিতীয় ক’ৰিডৰ হিচাপে অনুমোদন আৰু ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা। সীমান্ত পথ সংস্থা আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সমন্বিত নিয়োগৰ জৰিয়তে তৎক্ষণাত পথ সংযোগ পুনৰুদ্ধাৰ কৰা। বাৰিষাৰ সময়ত নিৰৱচ্ছিন্নভাৱে প্ৰৱেশ নিশ্চিত কৰিবলৈ জলবায়ু-স্থিতিস্থাপক বিকল্প বাইপাছ নিৰ্মাণ কৰা। শিলচৰ, গুৱাহাটী, আৰু কলকাতাৰ মাজত এয়াৰ ইণ্ডিয়া বা ইউডিএনৰ ৰাজসাহায্যযুক্ত বিমান সেৱা পুনৰ প্ৰৱৰ্তন কৰা আৰু ডিজিচিএ আৰু এমঅ’চিএৰ হস্তক্ষেপৰ জৰিয়তে পথ আৰু ৰে’ল নিলম্বনৰ সময়ত বিমান ভাড়া নিয়ন্ত্ৰণ কৰা। বৰাক নদীৰ মাজেৰে অভ্যন্তৰীণ জলপথকে ধৰি বহুমুখী মডেল পৰিবহণৰ বাবে সংযোগ পুনৰুজ্জীৱন পেকেজ আৰম্ভ কৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd