ৰে’লযোগে যাত্ৰাৰ সময়ত কেতিয়াবা যাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এনে ক্ষেত্ৰত তেওঁলোকে জি আৰ পি বা ৰে’লৱে আৰক্ষীৰ সহায় বিচাৰে। কিন্তু যদি তেওঁলোক ওচৰত নাথাকে, তেন্তে কি কৰিব? এতিয়া ভাৰতীয় ৰে’লৱেই এই সমস্যাৰ সমাধানৰ পথ মুকলি কৰিছে। এতিয়া হোৱাটছএপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব।
ভাৰতীয় ৰে’লৱেৰ নতুন হোৱাটছএপ চেটবট সুবিধাৰ জৰিয়তে যাত্ৰীসকলে পোনপটীয়াকৈ ৰে’লৱেৰ ওচৰত অভিযোগ জনাব পাৰিব। যাত্ৰাৰ সময়ত চিট, খাদ্য বা সহযাত্ৰীৰ সৈতে কোনো সমস্যা হ’লে হোৱাটছএপত অভিযোগ কৰিব পাৰিব। এই সুবিধা কেৱল সংৰক্ষিত ডবাৰ যাত্ৰীৰ বাবেই নহয়, সাধাৰণ ডবাৰ যাত্ৰীৰ বাবেও উপলব্ধ।
বৰ্তমান যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’লে এক্স হেণ্ডেলত অভিযোগ কৰে। এতিয়া এক্সত অভিযোগ কৰাৰ প্ৰয়োজন নাই। মাত্ৰ হোৱাটছএপত এটা মেছেজ পঠালেই ৰে’লৱেত অভিযোগ দাখিল হ’ব। ৰে’লৱে আপোনাৰ অভিযোগ তৎক্ষণাত সমাধানৰ ব্যৱস্থা কৰিব।
আজিকালি প্ৰায় সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে, তাৰ বাবে এই মাধ্যমৰ জৰিয়তে অভিযোগ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি, যাত্ৰীসকলে ৰে’লৱে হেল্পলাইন নম্বৰ ১৩৯তো অভিযোগ কৰিব পাৰিব।
হোৱাটছএপত অভিযোগ কেনেকৈ দাখিল কৰিব?
– হোৱাটছএপ নম্বৰ ৭৯৮২১৩৯১৩৯ত অভিযোগ দাখিল কৰিব পাৰিব।
– প্ৰথমে Hi, Hello বা Namaste লিখি মেছেজ পঠাওক।
– তাৰ পিছত Welcome to Rail মেছেজ আহিব।
– সংৰক্ষিত ডবাৰ যাত্ৰীয়ে পিএনআৰ নম্বৰ ব্যৱহাৰ কৰি অভিযোগ পঞ্জীয়ন কৰিব পাৰিব।
– অসংৰক্ষিত টিকটৰ যাত্ৰীয়ে ইউটিএছ নম্বৰৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব।
– আপোনাক সোধা হ’ব যে আপুনি ষ্টেচনত বা ৰে’লত যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি। অভিযোগ দাখিল কৰিলে তাৎক্ষণিকভাৱে পঞ্জীয়ন কৰা হ’ব।
হোৱাটছএপত অভিযোগৰ সুবিধাসমূহ:
– অভিযোগৰ স্থিতি (ষ্টেটাচ) পৰীক্ষা কৰিব পাৰিব।
– যাত্ৰীসকলে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব পাৰিব।
– পৰামৰ্শ থাকিলে তাকো জনাব পাৰিব।
– স্বাস্থ্য বা সুৰক্ষাৰ সমস্যাৰ ক্ষেত্ৰত হোৱাটছএপ চেটবটে জৰুৰীকালীন হেল্পলাইনৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব।