• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 4:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলাই উচ্ছেদ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে সকলোকে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে। ইয়াত তেওঁলোকে প্ৰেৰণ কৰা বিবৃতিটো হুবহু আগবঢ়োৱা হ’ল-  

আহক, আমি সকলোৱে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰোঁ

অসম নাগৰিক সমাজে অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা কৰে। শেহতীয়াকৈ ধুবুৰী আৰু গোৱালপাৰাৰ জিলাৰ বিভিন্ন ঠাইত চৰকাৰে  চলোৱা উচ্ছেদ অতি অমানৱীয় আৰু গৰিহণাযোগ্য।

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত, সুপৰিকল্পিতভাৱে অসমৰ ভূমি বহুজাতিকক গতাই দিয়াৰ এক চতুৰ চক্ৰান্ত চলিছে। ৰাভা- হাছং‌ স্বায়ত্ত শাসিত‌ পৰিষদৰ অন্তৰ্গত বৰদুৱাৰ উপগ্ৰহীয় নগৰ নিৰ্মাণৰ নামতে হওক, কাৰ্বি আংলংৰ‌ লংকথাৰত সৌৰ শক্তি প্ৰকল্পৰ নামত আম্বানিক মাটি প্ৰদানৰ কথাই হওক, অথবা পৰ্বতঝোৰা, কাজিৰঙা আদিত খিলঞ্জীয়া মানুহৰ হাতত থকা ভূমি বহুজাতিকক গতাই দিয়াৰ কথাই হওক- এই সকলো এনে পৰিকল্পনাৰেই অংশ।

শেহতীয়াকৈ ধুবুৰী জিলাত বৃহৎ সংখ্যক মানুহক উচ্ছেদ কৰি সেই মাটি তাপ বিদ্যুৎ প্ৰকল্পৰ নামত আদানী গোষ্ঠীক গতাই দিবলৈ বিচৰা কাৰ্য্যক, বহুজাতিকৰ মাটি দখল (land gabbing) প্ৰক্ৰিয়াৰ পৰা বিচ্ছিন্নকৈ চাব নোৱাৰি। অসমৰ সাধাৰণ খেতিয়কক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি এই তথাকথিত উদ্যোগৰ সস্তীয়া শ্ৰমিকত পৰিণত কৰাৰ এনে চৰকাৰী যড়যন্ত্ৰক অসম নাগৰিক সমাজে গৰিহণা দিয়ে।

 এই কথা আমি সকলোৱে জানো যে অসমৰ বৃহৎ সংখ্যক সাধাৰণ খেতিয়ক আৰু অনা-খেতিয়কে দীৰ্ঘদিন ধৰি ভোগ দখল কৰাৰ পাছতো সেই ভূমিৰ পট্টা‌ পোৱাৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ এক ঐতিহাসিক প্ৰেক্ষাপট আছে। অসমত মূলতঃ জনজাতীয় আৰু অৰ্ধ-জনজাতীয় সমাজত ব্যক্তিগত মাটিৰ ধাৰণা নথকাৰ বাবে অধিকাংশ মানুহ ভূমি পট্টন প্ৰক্ৰিয়াৰ পৰা আঁতৰত আছিল।

অন্যহাতেদি পট্টন লোৱাৰ পৰৱৰ্তী সময়ত চৰকাৰী ৰাজহ দিয়াৰ ক্ষেত্ৰত থকা অপাৰগতাৰ বাবেও অসমৰ খিলঞ্জীয়া মানুহে ভূমি পট্টা লোৱাৰ পৰা বিৰত আছিল। ফলত যুগ যুগ ধৰি বসবাস কৰি থকাৰ পাছতো তেওঁলোক তথাকথিত চৰকাৰী মাটিৰ ‘বেদখলকাৰী’ হৈ ৰ’ল। অসমৰ বৃহৎ সংখ্যক পমুৱা মুছলমানে বানপানী – গৰাখহনীয়াৰ দ্বাৰা আক্ৰান্ত হৈ বিভিন্ন চৰকাৰী মাটিত বসবাস কৰিবলৈ বাধ্য হৈছে।

অসম  নাগৰিক সমাজে উপলব্ধি কৰে যে এই প্ৰেক্ষাপটটো সন্মুখত নাৰাখি চৰকাৰী মাটি ‘বেদখলকাৰী ‘ প্ৰক্ৰিয়াটো বিছিন্নভাৱে চাব নোৱাৰি। অসমৰ জাতীয় জীৱন সংহত আৰু সুৰক্ষিত কৰাৰ বাবে থলুৱা – খিলঞ্জীয়া কৃষক ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰাটো জৰুৰী। কিন্তু দুৰ্ভাগ্যবশত: বৰ্তমানৰ চৰকাৰখনে বৃহৎ বহুজাতিক গোষ্ঠীক ভূমি প্ৰদান কৰাৰ উদ্দেশ্যেৰে ব্যাপক হাৰত ‘ ভূমি লুণ্ঠন ‘ অভিযান আৰম্ভ কৰিছে, এনে কাৰ্য অসম নাগৰিক সমাজে  বিৰোধিতা কৰে।

অজিত কুমাৰ ভূঞা সভাপতি, পৰেশ মালাকাৰ সাধাৰণ সম্পাদক

অসম নাগৰিক সমাজ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd