শ্বিলঙৰ জিলা প্ৰশাসনে লুমদেইংগ্ৰি আৰক্ষী থানাৰ ভিতৰুৱা এলেকাসমূহত ৫ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰিছে। জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি উক্ত এলেকাসমূহত বুধবাৰে পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২-০০লৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে।
সান্ধ্য আইন শিথিল কৰা এলেকাসমূহ হৈছে জাইআৱ, মাওখাৰ, উমছোহছুন, ৱাহিমদোহ, মিশ্যন, মাওপ্ৰেম, লুমদেইংগ্ৰি, লামাভিলা, ক্বালাপট্টি, ৱাথাপব্ৰু, চানি হীল, কেণ্টনমেণ্ট, কেণ্টনমেণ্ট বীট হাউছকে ধৰি মাওলং হাট (উমশ্বিৰপি দলঙৰ সিপাৰৰ আৱাসিক এলেকাক বাদ দি)ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধৰাৰ অধীনত এই সান্ধ্য আইন জাৰী কৰা হৈছে।
এক নিৰ্দেশযোগে খাছী হীলছৰ জিলা দণ্ডাধীশ পি এছ ডখাৰে কৈছে যে পৰৱৰ্তী নিৰ্দেশ জাৰী নকৰা পৰ্যন্ত এই এলেকাসমূহত দুপৰীয়া ১২-০০ৰ পৰা পুনৰ সান্ধ্য আইন আৰম্ভ কৰা হ’ব।
উল্লেখ্য যে এই এলেকাসমূহত ১ জুনৰ পৰা সান্ধ্য আইন জাৰী কৰা হৈছে।
মঙলবাৰে শ্বিলঙৰ আৱাসিক এলেকাসমূহত আবেলি ৪-০০ বজাৰ পৰা বুধবাৰে পুৱা ৫-০০ বজালৈ পুনৰ সান্ধ্য আইন বলৱৎ কৰা হ’ব।