গীৰ্জা চৌহদত নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা ঘটিছে। এই ঘটনাত কমেও ২১ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে দিনৰ প্ৰায় ১ বজাত পূব কংগোত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।
ইছলামিক ষ্টেটৰ সমৰ্থিত গোট উগ্ৰপন্থী সংগঠন ‘এডিএফ’ এই আক্ৰমণৰ আঁৰত আছে বুলি প্ৰাথমিকভাৱে প্ৰকাশ পাইছে।
দেওবাৰে দিনৰ প্ৰায় ১ বজাত কংগোৰ কোমাণ্ডাত এটা গীৰ্জাৰ ভিতৰত নিৰ্বিচাৰ গুলীচালনা কৰা হয়। লগতে কেইবাটাও ঘৰত অগ্নিসংযোগো কৰা হয়। এই আক্ৰমণৰ ঘটনাত ২১ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।
এই আক্ৰমণৰ আঁৰত উগ্ৰপন্থী সংগঠন ‘দ্য এলাইড ডেম’ক্ৰেটিক ফ্ৰণ্ট (এডিএফ)’ আছে বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে ‘এডিএফ’য়ে ‘ইছলামিক ষ্টেট’ৰ সৈতে যৌথভাৱে কাম কৰে।
এই গোটটো উগাণ্ডা আৰু কংগোৰ সীমান্তৱৰ্তী অঞ্চলত সক্ৰিয়। এই গোটটোৱে নিয়মীয়াকৈ সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। কংগো চৰকাৰৰ সেনাই দীৰ্ঘদিন ধৰি এডিএফৰ বিৰুদ্ধে যুঁজ দি আহিছে।
এই ঘটনাৰ পিছত স্থানীয় বাসিন্দাসকলে সেনাবাহিনীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।