• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 7:30 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সকলো ঠিক হৈ যাব,” “ইতিবাচক চিন্তা”, “ইয়াত ভাগি পৰিবলৈ কি আছে?” এনেবোৰ কথা প্ৰথম দৃষ্টিত ইতিবাচক যেন লাগিব পাৰে। কিন্তু যেতিয়া মনটো বিষাদেৰে ভৰি থাকে তেতিয়া নিজকে জোৰকৈ সুখী হ’বলৈ দিয়া এই উপদেশ বিষৰ দৰে হ’ব পাৰে। মনোবিজ্ঞানত ইয়াক ‘টক্সিক পজিটিভিটি’ বা বিষাক্ত ইতিবাচকতা বুলি কোৱা হয়।

‘টক্সিক পজিটিভিটি’ কি?

Apply Now

বহুতে ইতিবাচক হোৱাটো মনৰ স্বাভাৱিক অৱস্থা বুলি ভাবে। কিন্তু ইতিবাচক হোৱাটো যিদৰে গুৰুত্বপূৰ্ণ, তেনেদৰে জীৱনৰ কঠিন সময়ত দুখ, কষ্ট, খঙৰ দৰে অনুভৱবোৰো অতি স্বাভাৱিক। এনে স্বাভাৱিক অনুভূতিক দমন কৰি কেৱল ইতিবাচক হৈ থাকিবলৈ চাপ দিয়াটো হিতে-বিপৰীত হ’ব পাৰে।

টক্সিক পজিটিভ মানুহে এনে আচৰণ কৰে যেন দুখী হোৱাটোৱে এটা অপৰাধ। কেতিয়াবা বন্ধু-বান্ধৱ বা পৰিয়ালে আপোনাৰ বাবে ভাল বিচৰাৰ বাবেই এই কথা ক’ব পাৰে, কিন্তু ফলাফল সদায় ভাল নহয়। নিজৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰা বা ‘নেতিবাচক’ বুলি লেবেল লগোৱাৰ ফলত নিসংগতা আৰু মানসিক চাপ বৃদ্ধি পায়।

বিশেষজ্ঞসকলৰ মতে সুস্থ মন এটাৰ বাবে সকলো ধৰণৰ অনুভূতিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। দুখী হ’লে কন্দাটোৱে স্বাভাৱিক, খং উঠিলেও সেই কথা প্ৰকাশ কৰাটোও গুৰুত্বপূৰ্ণ। যদি আপুনি জোৰকৈ ‘ইতিবাচক’ হোৱাৰ মুখা পিন্ধে, তেন্তে সেই দমন কৰা অনুভৱবোৰে পিছত হতাশা বা উদ্বেগৰ ৰূপ লয়।

অবাঞ্চিত উপদেশৰ বোজা নিদিয়াকৈ দুখৰ দিনত আপোনজনৰ কাষত মনে মনে বহি থকাটো বহুত বেছি জৰুৰী। স্থায়ী মানসিক সুস্থতাৰ চাবিকাঠি নিহিত হৈ আছে সকলো অনুভূতিক স্বীকাৰ কৰা।

এনে পৰিস্থিতিত কি কৰিব?

১) কোনো ধৰণৰ অনুভূতি পেলাই নিদিব: হতাশা-ক্ৰোধ-ভয় সকলো স্বাভাৱিক অনুভূতি। এই অনুভৱবোৰ দমন কৰি সকলো সময়তে নিজকে জোৰকৈ হাঁহিবলৈ আৰু ভাল হোৱাৰ অভিনয় কৰিবলৈ চেষ্টা নকৰিব।

২) ছাপোৰ্টিভ, বাস্তৱবাদী মানুহৰ লগত থাকক: সদায় কেৱল ইতিবাচক শব্দ কোৱা মানুহৰ নিশ্চয় প্ৰয়োজন। কিন্তু কেতিয়াবা কেতিয়াবা জীৱনত বাস্তৱবাদী মানুহৰো প্ৰয়োজন।

৩) নিজকে সময় দিয়ক: যেতিয়া আপুনি নিৰাশ অনুভৱ কৰে, তেতিয়া সেইটো গ্ৰহণ কৰক আৰু নিজকে কওক, “এয়াও মোৰ জীৱনৰ এটা অংশ।” নিজকে চাপ নিদিব আৰু নিজকে সুস্থ হ’বলৈ সময় দিয়ক।

৪) ছ’চিয়েল মিডিয়াত ‘ফিল্টাৰ্ড হেপিনেছ’ৰ পৰা আঁতৰি থাকক: সদায় হাঁহিমুখীয়া, সুখী, নিখুঁত জীৱনৰ ছবি চাই আপুনি ভাবিব পাৰে যে সকলোৰে অৱস্থা ভাল, কিন্তু আপোনাৰ জীৱনটোহে সমস্যাৰে ভৰি আছে। এই ধাৰণাটো একেবাৰেই সঠিক নহয়। তাৰ পৰা ওলাই যাওক।

৫) মনোবিজ্ঞানীৰ পৰা সহায় ল’বলৈ কুণ্ঠাবোধ নকৰিব: যদি আপুনি আপোনাৰ দুখ লুকুৱাই ৰাখে বা দমন কৰে, তেন্তে ই পিছলৈ এটা ডাঙৰ মানসিক সমস্যালৈ পৰিণত হ’ব পাৰে। মনোবিজ্ঞানীৰ পৰামৰ্শ লোৱাত কোনো লাজ নকৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd