• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যশস্বী-সুন্দৰ বাহিনীৰ বিক্ৰমেৰে অ’ভেলত ইংলেণ্ডৰ সন্মুখত বিশাল লক্ষ্য; ক্ৰ’লীক আউট কৰিলে ছিৰাজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 8:24 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যশস্বী জয়ছোৱাল, আকাশ দীপ, সুন্দৰৰ আগত নতশিৰ হ’ল ইংলেণ্ড। ক’বলৈ গ’লে যশস্বী জয়ছোৱালৰ বেটিং আছিল শক্তিশালী। ভাৰতীয় অ’পেনাৰগৰাকীয়ে  শতকৰে ইংলেণ্ডৰ বলাৰসকলক শাসন কৰে। ‘নৈশ প্ৰহৰী’ হিচাপে নমা আকাশ দীপে পুনৰ অৰ্ধশতক অৰ্জন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়।

তাতেই শেষ নহ’ল। শেষৰ পিনে ৰবীন্দ্ৰ জাদেজাই অৰ্ধশতক অৰ্জন কৰে। তাৰ পিছত ইংলেণ্ডৰ বাবে আহে সুন্দৰৰ প্ৰহাৰ। ভাৰতৰ ইনিংছ ৩৯৬ ৰানত শেষ হৈ পৰে। অৰ্থাৎ অ’ভেলত ইংলেণ্ডৰ বাবে জয়ৰ লক্ষ্য ৩৭৪ ৰান। তৃতীয় দিনৰ শেষত ইংলেণ্ডক আঘাত হানে মহম্মদ ছিৰাজে। তেওঁ জেক ক্ৰ’লীক ১৪ ৰানত আউট কৰে। ইংলেণ্ডৰ স্ক’ৰ এটা উইকেট হেৰুৱাই ৫০ ৰান।

Apply Now

অ’ভেলৰ পিটচত সহায় লাভ কৰিছে বলাৰসকলে। বল অলপ ছুইং কৰিছে। সাধাৰণভাৱে ইংলেণ্ডৰ পৰিস্থিতিত তৃতীয় দিনটো আৰম্ভ হৈছে। আকাশখন ডাৱৰে ভৰি আছে, বতাহ বলিছে – সকলো আছিল। এনে পৰিৱেশ পেচাৰৰ বাবে বধ্যভূমি হোৱাৰ বাবে একেবাৰেই উপযুক্ত।

কিন্তু এইটোও সঁচা, বলটো বেটলৈও আহি আছে। অলপ ধৈৰ্য্য আৰু সাহসেৰে খেলিলে সফলতা লাভ কৰাটো কঠিন নহয়। যিটো যশস্বী আৰু আকাশ দীপে দেখুৱাইছে। বিশেষকৈ আমি ‘নৈশ প্ৰহৰী’ আকাশ দীপৰ বিষয়ে ক’ব লাগিব৷ টেষ্ট ক্ৰিকেটত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে এইগৰাকী পেচাৰে। তেওঁৰ অৰ্ধশতকৰ পিছত সমগ্ৰ ষ্টেডিয়ামে তেওঁক হাত চাপৰি বজাই অভিনন্দন জনাইছিল। টিম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমতো উত্তেজনাৰ সৃষ্টি হৈছিল।

জেমী অভাৰটনৰ বাউন্সাৰক চম্ভালিব নোৱাৰি স্ক’ৰব’ৰ্ডত গুৰুত্বপূৰ্ণ ৬৬ ৰান সংযোজন কৰি তেওঁ উভতি আহে। টেষ্টত ভাৰতীয় নৈশ প্ৰহৰীৰ দ্বাৰা দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰে আকাশে। যদি ভাৰতে এই টেষ্টত জয়ী হয়, তেন্তে আকাশ দীপ নিশ্চিতভাৱে ‘গেম চেঞ্জাৰ’ হ’ব।

আনহাতে, যশস্বী অদমনীয় আছিল। মধ্যাহ্ন ভোজনৰ পূৰ্বে ৮৫ ৰানত অপৰাজিত আছিল। ধৈৰ্য্য আৰু অধ্যৱসায় কামত লগাই কঠিন পিটচত ১২৭টা বলত শতক অৰ্জন কৰে। অৱশ্যে কেচ পেলাই জীৱনদানো লাভ কৰাটো সঁচা। ইংলেণ্ডৰ বিৰুদ্ধে এয়া আছিল তেওঁৰ চতুৰ্থটো টেষ্ট শতক। তেওঁৰ কেৰিয়াৰৰ ষষ্ঠটো।

যশস্বীৰ ইনিংছ চাবলৈ তেওঁৰ পৰিয়ালো খেলপথাৰত উপস্থিত আছিল। পিতৃ-মাতৃৰ সন্মুখত শতকৰ কৃতিত্ব সৃষ্টি কৰাৰ সুযোগ নেহেৰুৱালে ২৩ বছৰীয়া বেটছমেনগৰাকীয়ে। শতকৰ পিছত ড্ৰেছিং ৰুমৰ ফালেও তেওঁ ফ্লাইং কিছ এটা এৰি দিলে। যদিও তেওঁৰ ভৰিৰ পেশী সামান্য টানি ধৰিছিল, যশস্বী হাৰ মানি যোৱা ক্ৰিকেটাৰ নহয়। শেষত তেওঁ ১১৮ ৰানত আউট হয়।

অৱশ্যে শুবমন গিলে ৰান নাপালে। ভাৰতীয় অধিনায়কগৰাকী ১১ ৰানত আউট হয়। কৰুণ নাইৰে (১৭) প্ৰথম ইনিংছৰ দৰে টিকি থাকিব নোৱাৰিলে। আৰম্ভণিতে বাউন্সাৰৰ ফলত তেওঁৰ হাতত যি আঘাত পাইছিল, সেইটোৱে বাকী ইনিংছলৈকে ভোগ কৰিছিল। ধ্ৰুৱ জুৰেলে বেয়া আৰম্ভণি কৰা নাছিল। তেওঁ ৩৪ ৰানত আউট হয়। এইবাৰ তেওঁ হয়তো ডাঙৰ ডাঙৰ ৰান কৰাৰ কথা ভাবিব লাগে।

কিন্তু যিজনক লৈ চিন্তাৰ কোনো কাৰণ নাই তেওঁ হ’ল ৰবীন্দ্ৰ জাডেজা। লৰ্ডছত তেওঁ জয় আনিব পৰা নাছিল যদিও মানচেষ্টাৰত তেওঁ শতক অৰ্জন কৰিছিল আৰু ড্ৰ’ কৰিছিল। অ’ভেলত তেওঁ ৫৪ ৰান সংগ্ৰহ কৰে। শেষৰ পিনে হাত খুলিলে ৱাশ্বিংটন সুন্দৰে। তেওঁ চাৰি-ছয়েৰে ইংলেণ্ডৰ বলিং বিধ্বস্ত কৰিছিল। ৪৬টা বলতে ৫৩ ৰান কৰি আউট হয়।

ইংলেণ্ডে অকছৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল। গাছ এটকিনছন বা ব্ৰাইডন কাৰ্ছে বলিং আৰম্ভ কৰা ধৰণৰ ধাৰাবাহিকতা বজাই ৰাখিব পৰা নাছিল। শেষত ৩৯৬ ৰানত অল আউট হয় ভাৰত। লক্ষ্য দিয়ে ৩৭৪ ৰানৰ। দুদিনতকৈও অধিক সময় বাকী আছে।

অ’ভেলত সৰ্বাধিক ২৬৩ ৰান অনুসৰণ কৰি জয়ী হোৱাৰ অভিলেখ আছে। ফলত অসম্ভৱৰ আশা কৰাৰ বাহিৰে সদ্যহতে ইংলেণ্ডৰ বাবে বাকী নাই। ইয়াৰ মাজতে জেক ক্ৰ’লিয়ে পুনৰ ছিৰাজৰ বলত উভতি গৈছে। বেন ডাকেট এতিয়াও ক্ৰীজত আছে। ইংলেণ্ডক জয়ী হ’বলৈ এতিয়াও ৩২৪ ৰানৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd