অ’ভেল টেষ্ট পঞ্চম দিনলৈ চলিব বুলি কোনে ভাবিছিল? তৃতীয় দিনৰ খেলৰ পিছত এনে লাগিছিল যেন ভাৰতৰ বাবে জয়ৰ দুৱাৰ খোলা। চতুৰ্থ দিনৰ প্ৰথম ঘণ্টাৰ খেলেও সেই ইংগিতেই দিছিল। ইয়াৰ পিছত খেললৈ ঘূৰি আহিল ইংলেণ্ডে। হেৰী ব্ৰুক আৰু জো ৰুটৰ শতকীয় ইনিংছত ইংলেণ্ড চালকৰ আসনত বহিল। চাহ বিৰতিৰ কিছু সময়ৰ পাছতে যেন বেন ষ্ট’কছৰ দলটোৱে টেষ্টখন আৰু ছিৰিজত জয়ী হ’ব৷
খেলখন আকৌ ঘূৰি আহিল। শেষ মুহূৰ্তত ভাৰতৰ বলাৰসকলে দলটোক পুনৰ মেচলৈ ঘুৰাই আনে। কিন্তু এই সকলোবোৰৰ মাজতো নাটক বাকী আছিল। দিনটোৰ শেষৰ ডেৰ ঘণ্টা খেলখন বৰষুণৰ বাবে খেলা নহ’ল। ফলত সোমবাৰে পঞ্চম দিনা মেচখনৰ সিদ্ধান্ত হ’ব। দুয়োটা দলৰ জয়ৰ সুযোগ আছে। ইংলেণ্ডক জয়ী হ’বলৈ আৰু ৩৫ ৰানৰ প্ৰয়োজন। ভাৰতক প্ৰয়োজন ৪ টা উইকেটৰ।
খেল বন্ধ হৈ যোৱাটোৱে ভাৰতক লাভৱান কৰিলে। ভাৰতৰ তিনিগৰাকী পেচাৰে গোটেই দিনটো বলিং কৰে। ফলত তেওঁলোক ভাগৰুৱা হৈ পৰিছিল। এইবাৰ তেওঁলোকে জিৰণি পাব। ফলত সোমবাৰে সতেজ হৈ ওলাই আহিব পাৰিব। ইয়াৰ উপৰিও ভাৰতে আৰু তিনিটা অভাৰৰ অন্তত দ্বিতীয়টো নতুন বল লাভ কৰিব। প্ৰসিদ্ধ, ছিৰাজ আৰু আকাশদ্বীপে তাক কামত লগাব পাৰিব।
অ’ভেলত চতুর্থ দিনৰ খেল আৰম্ভ হোৱাৰ পূর্বে আগবাঢ়ি আছিল ভাৰত৷ ইংলেণ্ডক জয়ী হ’বলৈ আৰু ৩২৪ ৰানৰ প্ৰয়োজন হৈছিল। ভাৰতক প্ৰয়োজন আছিল ৮ উইকেটৰ। সেউজ উইকেটত ৩২৪ ৰান কম নহয়। ভাৰতেও দিনটোৰ আৰম্ভণি বেয়া কৰা নাছিল। প্ৰথম ছেছনত বেন ডাকেট আৰু অলি পোপ আউট হৈছিল। সেই সময়ত ইংলেণ্ডৰ ৰান আছিল ১০৬। অৰ্থাৎ জয়ী হ’বলৈ আৰু ২৬৮ ৰানৰ প্ৰয়োজন হৈছিল। প্ৰসিদ্ধ কৃষ্ণ আৰু মহম্মদ ছিৰাজ ছন্দত আছিল। সেই সময়ত যদি আন এটা উইকেট পৰিলহেঁতেন তেন্তে খেলৰ গতি ভাৰতৰ হাতলৈ গ’লহেঁতেন৷
প্ৰসিদ্ধই এটা সুযোগ সৃষ্টি কৰিছিল। ব্ৰুকে তেওঁৰ এটা বল পুল কৰিবলৈ চেষ্টা কৰে। বলটো বেটৰ কোনত লাগি ওপৰত উঠে। লগে লগে প্ৰসিদ্ধই দুয়োখন হাত ওপৰলৈ তুলিলে। উদযাপনো আৰম্ভ কৰি দিছিল। বলটোৰ তলত থিয় হৈ ছিৰাজ। তেওঁ বাউণ্ডাৰিৰ বহু আগবাঢ়ি আছিল। কিন্তু বাউণ্ডাৰিৰ ৰছী ক’ত আছে ছিৰাজে বুজিব পৰা নাছিল। তেওঁ পিছলৈ গৈ থাকিল। কেচটো লৈ তেওঁ আৰু এখোজ পিছুৱাই গ’ল। ছিৰাজ বাউণ্ডেৰীৰ বাহিৰলৈ ওলাই গ’ল। সেই ভুলৰ মূল্য দিবলগীয়া হৈছিল ভাৰতে। এবাৰ জীৱন পোৱাৰ পিছত ব্ৰুকে আক্ৰমণাত্মকভাৱে বেটিং কৰিবলৈ আৰম্ভ কৰে। ইটোৰ পিছত সিটো ডাঙৰ ডাঙৰ শ্বট মাৰিবলৈ ধৰে। এই ওলোটা আক্ৰমণত ভাৰতে ছন্দ হেৰুৱাই পেলালে।
আনটো মূৰত ৰুটে শীতল মস্তিষ্কৰে খেলিলে। তেওঁ জানিছিল যে ব্ৰুকে কোবাই খেলিব। আউট হোৱাৰ সম্ভাৱনাও আছে। গতিকে ৰখাই খেলিব লাগিব। দলটোৰ আটাইতকৈ ছিনিয়ৰ বেটছমেনজনে সেই কামটো ভালদৰে কৰিলে। ব্ৰুক’ৰ এই আক্ৰমণে ৰান সংগ্ৰহৰ হাৰ লেহেমীয়া কৰিব দিয়া নাছিল। সময়ৰ লগে লগে ভাৰতীয় পেচাৰসকল ভাগৰুৱা হৈ পৰিছিল। যিহেতু এই পিটচত স্পিনাৰসকলৰ বাবে একো নাছিল, সেয়েহে শুভমনে তিনিজন পেচাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ঘূৰাই ঘূৰাই তেওঁলোককে বল দিব লগা হৈছিল।
আইচিচি টেষ্ট ৰেংকিঙত ৰুট আৰু ব্ৰুক দুজন শীৰ্ষ বেটছমেন। দুয়োগৰাকী বেটছমেনে আকৌ এবাৰ দেখুৱাই দিলে যে তেওঁলোক কিয় এক আৰু দুই নম্বৰত আছে। তেওঁলোকৰ অংশীদাৰিত্ব আছিল ১৯৫ ৰানৰ। তেতিয়াই খেলখন ইংলেণ্ডৰ হাতলৈ গ’ল। চাহ বিৰতিৰ আগতেই ব্ৰুকে নিজৰ শতক সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত আৰু হাত খুলিবলৈ ধৰিলে। তেনে কৰাৰ সময়তে ব্ৰুকে ৯৮ বলত ১১১ ৰান সংগ্ৰহ কৰি আকাশদ্বীপৰ বলত আউট হয়। ছিৰাজেই তেওঁৰ কেচ ধৰিলে। কিন্তু সেই মুহূৰ্তত তেওঁ ইংলেণ্ডক জয়ৰ পথত ডাঙৰ অগ্ৰগতি প্ৰদান কৰে। ব্ৰুক নমাৰ সময়ত দলটোৰ স্কোৰ আছিল ১০৬ ৰান।তেওঁ উভতি অহাৰ সময়ত ৰাণ হৈছিল ৩০১। তাৰ পিছত জয়ী হ’বলৈ আৰু ৭৩ ৰান বাকী আছিল। হাতত আৰু ৫টা উইকেট আছিল।
তাৰ পৰাই ভাৰতে পুনৰ মেচত ঘুৰি আহিবলৈ ইটোৰ পিছত সিটো উইকেট ল’বলগীয়া হৈছিল। কিন্তু ৰুটে ভাৰতীয় বলাৰক কোনো সুযোগ নিদিলে। শৃংখলাত তেওঁ আৰু এটা শতক অৰ্জন কৰে। ভাৰতৰ বিৰুদ্ধে ৰাণ কৰাটো ৰুটৰ অভ্যাস কৰি তুলিলে। ভাৰতৰ বিৰুদ্ধে টেষ্ট খেলত তেওঁ ত্ৰয়োদশ শতক অৰ্জন কৰে।
চাহ বিৰতিৰ পিছত ইংলেণ্ডক জয়ী হ’বলৈ আৰু ৫৭ ৰানৰ প্ৰয়োজন হৈছিল। সকলোৱে ভাবি আছিল সেই ৰান কিমান সোনকালে অতিক্ৰম হয় । কিন্তু ভাৰতীয় পেচাৰসকলে শেষ চেষ্টা চলাইছিল। একে আগ্ৰাসনেৰে বলিং কৰিছিল। প্ৰতিটো ৰানৰ বাবে যুঁজিছিল। ইংলেণ্ডক চাপত পেলাইছিল। চাপত ডাঙৰ শ্বট এটা মাৰি জেকব বেথেলে আউট হৈ ওলাই আহিল। তাৰ অলপ পিছতে ৰুট পেভলিয়নলৈ উভতিল। তেওঁৰ প্ৰত্যাৱৰ্তনৰ লগে লগে ভাৰতে আশাৰ শেষ জিলিকনি দেখা পালে।
ঠিক তেতিয়াই আৰম্ভ হ’ল বৰষুণ। কিছু সময়ৰ পাছত বৰষুণ বন্ধ হৈ গ’ল যদিও খেল আৰম্ভ কৰিব নোৱাৰিলে। কাৰণ খেলপথাৰখন পানীৰে ভৰি পৰিছিল। সেয়ে আম্পায়াৰসকলে কোনো ধৰণৰ ৰিস্ক লোৱা নাছিল। দুয়োটা দলকে এই বিষয়ে অৱগত কৰে। অৰ্থাৎ সোমবাৰেই এই টেষ্ট আৰু ছিৰিজৰ সিদ্ধান্ত হ’ব।