• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 8:21 pm
92
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলিম সংখ্যাগৰিষ্ঠ কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষ্যদ্বীপত এতিয়াৰে পৰা অনুজ্ঞাপত্ৰ থকা দোকানৰ জৰিয়তে মদ বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে। ইয়াৰ লগে লগে ১৯৭৯ চনৰ পৰা বলবৎ থকা কেন্দ্ৰীয় চৰকাৰৰ পুৰণি আইনখন সলনি হৈ গ’ল আৰু দীৰ্ঘদিন ধৰি চলি থকা নিষেধাজ্ঞা আঁতৰিল। যোৱা ৫ জুনৰ পৰা এই নতুন আইনখন কাৰ্যকৰী কৰা হৈছে। স্বাভাৱিকতে এতিয়া সকলোৰে মনত এই প্ৰশ্ন উঠিছে যে প্ৰায় পাঁচটা দশক পুৰণি এই আইনখন হঠাৎ কিয় সলনি কৰিবলগা হ’ল?

লক্ষ্যদ্বীপৰ প্ৰায় ৯৭ শতাংশ নাগৰিকেই মুছলিম ধৰ্মাৱলম্বী। দেশৰ আন কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত মুছলিম সমাজ ইমান বেছি সংখ্যাগৰিষ্ঠ নহয়। তেওঁলোকৰ ভিতৰত আকৌ সৰহভাগ লোকেই অনুসূচিত জনজাতি শ্ৰেণীৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ইয়াৰ মুঠ ৬৪ হাজাৰ ৪৭৩ জন বাসিন্দাৰ ভিতৰত ৬১ হাজাৰ ১২০ জনেই এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। ইছলাম ধৰ্মত মদ্যপান নিষিদ্ধ হোৱাৰ বাবে ইয়াৰ বৃহৎ মুছলিম জনসংখ্যাৰ কথা বিবেচনা কৰিয়েই ইমান দিনে মদ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ ফলত গুজৰাট, বিহাৰ আৰু উত্তৰ-পূব ভাৰতৰ কিছুমান ৰাজ্যৰ দৰে লাক্ষাদ্বীপো এখন ড্ৰাই ষ্টেট অৰ্থাৎ মদ নিষিদ্ধ অঞ্চল হিচাপে পৰিগণিত হৈছিল। অৱশ্যে এই নিষেধাজ্ঞা পূৰ্বতেও সম্পূৰ্ণৰূপে সকলোৰে বাবে নাছিল। পৰ্যটক আৰু চৰকাৰী বিষয়াৰ বাবে বিশেষ কিছুমান ঠাইত, যেনে কাভাৰাট্টি আৰু বাংগাৰাম দ্বীপৰ ৰিজৰ্টবোৰত মদ খোৱাৰ সীমিত সুযোগ আছিল।

Apply Now

প্ৰশাসনে ইমান দিনৰ পুৰণি এই আইনখন সলনি কৰাৰ আঁৰত এটা বিশেষ কাৰণ আছে। আচলতে কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি লক্ষ্যদ্বীপক এখন বিশ্বমানৰ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা চলাই আহিছে। সংশ্লিষ্ট বিষয়াসকলৰ মতে, মদ সহজে উপলব্ধ নোহোৱাৰ বাবেই লক্ষ্যদ্বীপ দেশ-বিদেশৰ আন বহুতো পৰ্যটন কেন্দ্ৰতকৈ পিছপৰি আছিল। সেই হেঙাৰ দূৰ কৰিবলৈকে এইবাৰ আইনত পৰিৱৰ্তন অনা হৈছে।

উল্লেখ্য যে ২০২৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্যদ্বীপ ভ্ৰমণ কৰিছিল। তাত তেওঁ স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সাগৰৰ পাৰৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰিছিল। তেওঁৰ সেই ছবিবোৰ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছৰে পৰা লক্ষ্যদ্বীপলৈ পৰ্যটকৰ আগমন বহুত বাঢ়ি গৈছে। পৰিসংখ্যা অনুসৰি, ২০২০ চনত যত পৰ্যটকৰ সংখ্যা আছিল মাত্ৰ ৩ হাজাৰ ৮৭৫ জন, ২০২৪ চনত সেই সংখ্যা বাঢ়ি ৬৮ হাজাৰ ৩২৮ জন হয়গৈ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছত এই সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। গতিকে তালৈ অহা পৰ্যটকসকলৰ সুবিধা আৰু স্থানীয় অৰ্থনীতিৰ বিকাশৰ কথা চিন্তা কৰিয়েই কেন্দ্ৰীয় চৰকাৰে এইবাৰ ৪৭ বছৰ পুৰণি মদ বিক্ৰীৰ নিষেধাজ্ঞা সম্পূৰ্ণৰূপে তুলি দিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd