• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 6:34 pm
134
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ শ্বিলঙৰ-ডাউকী পথত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত একে পৰিয়ালৰ পাঁচজন সদস্যৰ প্ৰাণহানি হোৱাৰ পিছত ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (NHIDCL)ক পথৰ নিৰ্মাণাধীন অংশত সঠিক সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ জাৰি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা শ্বিলঙৰ-ডাউকী পথৰ মধ্যভাগত অৱস্থিত ৰংগাইনৰ ওচৰত ৭০ ফুট গভীৰ খাৱৈত এটি শিশুসহ পাঁচজন লোক কঢ়িয়াই নিয়া এখন বাহন সৰি পৰিছিল।

ৰাজহুৱা কাম বিভাগ (পথ)ৰ তদাৰক কৰা উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে জানিবলৈ দিছে যে চৰকাৰে এই অঞ্চলৰ পথৰ সুৰক্ষাৰ অৱস্থা মূল্যায়ন কৰি সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ জাৰি কৰিছে। পিটিআইৰ খবৰ অনুসৰি তেওঁ লগতে কয় যে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও তদন্ত চলি আছে।

ৰাজহুৱা কাম বিভাগৰ (ৰাষ্ট্ৰীয় ঘাইপথ) মুখ্য অভিযন্তাক উচ্চ বিপদজনক অঞ্চল পৰিদৰ্শনৰ দায়িত্ব দিয়া হৈছে আৰু ক্ষতিগ্ৰস্ত পথৰ কাষত সঠিক পথ চিহ্ন স্থাপন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া বুলি সদৰী কৰিছে।

NHIDCL আৰু পথ নিৰ্মাণ কোম্পানীৰ বিষয়াসকলে সোমবাৰে বিধানসভাৰ স্থানীয় সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰা টাইনছঙৰ সৈতে সাক্ষাৎ কৰে। উপ-মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয় যে, “নিৰ্মাণ কোম্পানীৰ বা চালকৰ ভুল বা গাফিলতিৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে নে নাই, সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই।” লগতে তেওঁ পথৰ সুৰক্ষা বৃদ্ধিৰ লগতে ভৱিষ্যতে এনে দুৰ্ঘটনা ৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd