মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এগৰাকী ৪৯ বছৰীয়া মহিলাৰ মৃত্যুৱে স্থানীয় স্বাস্থ্যসেৱাৰ দুৰ্বলতা আৰু ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপজ্জনক যাতায়াত পৰিস্থিতিক স্পষ্ট কৰি তুলিছে। ছায়া পুৰৱ নামৰ এই মহিলাগৰাকী গুৰুতৰভাবে আহত অৱস্থাত মুম্বাইৰ চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত যানজঁটত আবদ্ধ হৈ থকা এম্বুলেন্সৰ ভিতৰতেই মৃত্যুমুখত পৰে।
ঘটনাক্ৰম অনুসৰি, ৩১ জুলাইত পালঘৰৰ মধুকৰ নগৰত থকা নিজৰ ঘৰৰ ওচৰত গছৰ ডাল পৰি ছায়া পুৰৱ গুৰুতৰভাৱে আহত হয়। তেওঁৰ কান্ধ আৰু মূৰত তীব্ৰ আঘাত লাগে। স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পিছত, পালঘৰত পৰ্যাপ্ত ট্ৰমা চেণ্টাৰ নথকাৰ বাবে চিকিত্সকে তেওঁক মুম্বাইৰ হিন্দুজা হাস্পতাললৈ প্ৰেৰণ কৰে। সাধাৰণতে এই ১০০ কিলোমিটাৰ যাত্ৰাত প্ৰায় ২.৫ ঘণ্টা সময় লাগে।
বিয়লি ৩ বজাৰ ওচৰত এম্বুলেন্সখন যাত্ৰা আৰম্ভ কৰে, য’ত ছায়া পুৰৱক এনাস্থেচিয়া দিয়া হৈছিল আৰু তেওঁৰ স্বামী কৌশিক তেওঁৰ কাষত আছিল। কিন্তু ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানজঁটৰ বাবে এম্বুলেন্সখন আবদ্ধ হৈ পৰে। তিনি ঘণ্টাৰো অধিক সময়ত সন্ধিয়া ৬ বজালৈকে এম্বুলেন্সখনে মাত্ৰ আধা দূৰত্বহে অতিক্ৰম কৰিব পাৰিছিল। এনাস্থেচিয়াৰ প্ৰভাৱ কমি অহাত ছায়াই তীব্ৰ যন্ত্ৰণা অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু অৱস্থাৰ অৱনতি ঘটে।
অৱস্থা অধিক বেয়া হোৱাত এম্বুলেন্সখনক হিন্দুজা হাস্পতালৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত থকা মীৰা ৰোডৰ অৰ্বিট হাস্পতাললৈ যোৱা হয়। সন্ধিয়া চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত চিকিত্সকে মহিলা গৰাকীক মৃত ঘোষণা কৰে। চিকিত্সকে জনায় যে যদি তেওঁলোক মাত্ৰ ৩০ মিনিট আগতে উপস্থিত হ’লহেঁতেন, তেন্তে তেওঁক বচাব পাৰিলেহেঁতেন।
সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত বিচলিত স্বামী কৌশিকে কয়, “মই তেঁওক চাৰি ঘণ্টা ধৰি অসহ্য যন্ত্ৰণাত ভুগি থকা দেখিছিলো। ৰাস্তাটো গাঁতেৰে ভৰি পৰিছিল, যাৰ বাবে তেওঁৰ অপৰিসীম কষ্ট হৈছিল। তেওঁ যন্ত্ৰণাত চিঞৰিছিল আৰু কান্দিছিল, আমাক সোনকালে চিকিৎসালয়লৈ লৈ যাবলৈ অনুৰোধ কৰিছিল। কিন্তু আমি যানজঁটত আবদ্ধ হৈ পৰিছিলো আৰু ভুল দিশত চলি অহা বাহনে অৱস্থা আৰু অধিক বেয়া কৰি তুলিছিল।”
এই ঘটনাই পালঘৰত স্বাস্থ্যসেৱাৰ অভাৱ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটৰ সমস্যাক লৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে চৰকাৰক শীঘ্ৰে এই সমস্যা সমাধানৰ অনুৰোধ জনাইছে যাতে ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নহয়।