দেওবাৰে গাজাত ইজৰাইলৰ আক্ৰমণত নিহত হয় আল জাজিৰাৰ পাঁচগৰাকি কৈ সাংবাদিক। গাজা চহৰৰ আল-শ্বিফা হাস্পতালৰ ওচৰৰ এটা তম্বুত অৱস্থান গ্ৰহণ কৰা আনাছ আল-শ্বৰীফ আৰু মহম্মদ ক্ৰেইকেহ, আৰু কেমেৰাপাৰছন ইব্ৰাহিম জাহেৰ, মহম্মদ নৌফল আৰু মোৱামেন আলিৱা নামৰ সংবাদকৰ্মী কেইগৰাকী ইজৰাইলৰ আক্ৰমণৰ বলি হয়। আল জাজিৰাই এই ঘটনাক পৰিকল্পিত ভাবে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অভিহিত কৰা লগতে ইয়াক সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত পূৰ্ব পৰিকল্পিত আক্ৰমণ বুলি গৰিহণা দিয়ে। ইজৰাইলৰ বিষয়াসকলৰ বাৰে বাৰে ভাবুকি দিয়াৰ পিছত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংবাদ সংস্থাটোৱে মত প্ৰকাশ কৰিছে আৰু গাজাৰ পৰিস্থিতি বিশ্বৰ আগত উদঙাই দিয়া সাংবাদিকসকলক স্তব্ধ কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰে।
ইফালে ইজৰাইলৰ সেনাই সোমবাৰে দাবী কৰে যে হামাছৰ সন্ত্ৰাসবাদী আল শ্বৰীফে সাংবাদিকৰ ৰূপ লৈ এই ৰকেট আক্ৰমণৰ নেতৃত্ব দিয়া বুলি অভিযোগ উত্থাপন কৰিছে। আৱশ্যে আন সাংবাদিকসকলৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে টেল আভিভ।
সাংবাদিক সুৰক্ষা সমিতি চমুকৈ চিপিজে ইজৰাইলৰ এই অভিযোগ নাকচ কৰি কয় যে সাংবাদিকৰ বিৰুদ্ধে কৰা দাবীসমূহ প্ৰমাণহীন আৰু ইয়াৰ দ্বাৰা এটা চিন্তাজনক ধাৰা পোহৰলৈ আহিছে। চিপিজেৰ ছাৰা কুদাহে স্পষ্ট ভাবে কয় যে সাংবাদিকসকল সাধাৰণ নাগৰিক আৰু তেওঁলোকৰ হত্যা হ’লে ইয়াৰ বাবে জবাবদিহিতা নিশ্চিত হ’ব লাগিব বুলি তেওঁ দাবী জনায়।
উল্লেখযোগ্য যে, ২০২৩ চনৰ অক্টোবৰ মাহত গাজাৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা দক্ষিণ ইজৰাইলত হামাছে প্ৰায় ১,২০০ জন লোকক হত্যা কৰিছে। সাংবাদিক সুৰক্ষা সমিতি (চিপিজে)ৰ তথ্য অনুসৰি, এই সংঘাতত ১৮৬ জন সাংবাদিকৰ মৃত্যু হৈছে। সমান্তৰাল ভাবে ইজৰাইলে ১৭৮ জন পেলেষ্টাইনীক হত্যা কৰিছে বুলি সিপিজে জানাইছে।
এনে পৰিস্থিতিত গাজাত বিমান আক্ৰমণ আৰু সাহায্য অৱৰোধৰ ফলত দুৰ্ভিক্ষৰ আশংকাই গা কৰি উঠিছে। সংঘাতৰ আৰম্ভণিৰ পৰাই এতিয়ালৈকে ৬১ হাজাৰৰো অধিক লোকৰ প্ৰাণহানি হৈছে। আনহাতে, জুলাই মাহৰ পৰা চলি থকা ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতিৰ আলোচনা মূল মতানৈক্যৰ বাবে স্থবিৰ হৈ আছে।