• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একাধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান; শোকস্তব্ধ সাহিত্য-সাংস্কৃতিক জগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 1:23 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সাহিত্য-সাংস্কৃতিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি তথা বহুমুখী প্ৰতিভাৰ আঁকৰ হেমন্ত দত্তৰ দেহাৱসান ঘটিছে। সোমবাৰে জি এম চি এইচৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

একাধাৰে গীতিকাৰ, অভিনেতা, নাট্যকাৰ, পৰিচালক হেমন্ত দত্তৰ প্ৰয়াণে শোকস্তব্ধ কৰি তুলিছে সাংস্কৃতিক জগতখনক। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অনবদ্য শৈলীৰ নাট্যকাৰ হিচাপে হেমন্ত দত্তই দৰ্শকৰ হৃদয় জয় কৰিছিল।

Apply Now

১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম হেমন্ত দত্তৰ। তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল। মঙলদৈত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত দত্তই ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা সাং কৰে।

কানৈ কলেজত পঢ়ি থকাৰ সময়তে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভবেশ গোস্বামী, প্ৰিন্স আদি সাংগীতিক জগতৰ বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। তেওঁলোকে ‘কুইভাৰ্ছ বেণ্ড’ নামৰ এটি সাংস্কৃতিক গোষ্ঠীও গঠন কৰিছিল।

 ১৯৭৭ চনত নতুন আশা ছবিখনৰ জৰিয়তে তেওঁ গীত ৰচনা কৰিবলৈ আৰম্ভ কৰে। হেমন্ত দত্তৰ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হৈছিল।

প্ৰায় পাঁচ শতাধিক কালজয়ী গীতৰ স্ৰষ্টা হেমন্ত দত্তৰ গীতৰ তালিকাখনেই তেওঁৰ অনন্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি জনপ্ৰিয় কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল।

অসমীয়া নাট্য জগতত খলকনি তোলা হেমন্ত দত্তৰ বিখ্যাত নাট সমূহৰ ভিতৰত আছে এটা নষ্ট ল’ৰাৰ গল্প, পথ, টাইটানিক, সেন্দূৰ, আকাশৰ দৰে মন, মুক্তি, চক্ৰবেহু, জেতুকা পাতৰ ৰং আদি। এগৰাকী পৰিচালক হিচাপেও হেমন্ত দত্ত আছিল অতি সুপৰিচিত।

অসমীয়া নাট্য জগতলৈ আগবঢ়োৱা তেওঁৰ অতুলনীয় অৱদানৰ বাবে তেওঁ ভবেন বৰুৱা বঁটা (২০১৭), ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯), মুন লাইট মিডিয়া বঁটা, অসম নাট্য সন্মিলনী বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮ আদি বঁটাৰে সন্মানিত হৈছে।

শেহতীয়াকৈ তেওঁ অসম চৰকাৰে প্ৰদান কৰা অসম সৌৰভ বঁটাৰেও সন্মানিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd