অসমীয়া সাহিত্য-সাংস্কৃতিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি তথা বহুমুখী প্ৰতিভাৰ আঁকৰ হেমন্ত দত্তৰ দেহাৱসান ঘটিছে। সোমবাৰে জি এম চি এইচৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।
একাধাৰে গীতিকাৰ, অভিনেতা, নাট্যকাৰ, পৰিচালক হেমন্ত দত্তৰ প্ৰয়াণে শোকস্তব্ধ কৰি তুলিছে সাংস্কৃতিক জগতখনক। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অনবদ্য শৈলীৰ নাট্যকাৰ হিচাপে হেমন্ত দত্তই দৰ্শকৰ হৃদয় জয় কৰিছিল।
১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম হেমন্ত দত্তৰ। তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল। মঙলদৈত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত দত্তই ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা সাং কৰে।
কানৈ কলেজত পঢ়ি থকাৰ সময়তে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভবেশ গোস্বামী, প্ৰিন্স আদি সাংগীতিক জগতৰ বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। তেওঁলোকে ‘কুইভাৰ্ছ বেণ্ড’ নামৰ এটি সাংস্কৃতিক গোষ্ঠীও গঠন কৰিছিল।
১৯৭৭ চনত নতুন আশা ছবিখনৰ জৰিয়তে তেওঁ গীত ৰচনা কৰিবলৈ আৰম্ভ কৰে। হেমন্ত দত্তৰ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হৈছিল।
প্ৰায় পাঁচ শতাধিক কালজয়ী গীতৰ স্ৰষ্টা হেমন্ত দত্তৰ গীতৰ তালিকাখনেই তেওঁৰ অনন্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি জনপ্ৰিয় কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল।
অসমীয়া নাট্য জগতত খলকনি তোলা হেমন্ত দত্তৰ বিখ্যাত নাট সমূহৰ ভিতৰত আছে এটা নষ্ট ল’ৰাৰ গল্প, পথ, টাইটানিক, সেন্দূৰ, আকাশৰ দৰে মন, মুক্তি, চক্ৰবেহু, জেতুকা পাতৰ ৰং আদি। এগৰাকী পৰিচালক হিচাপেও হেমন্ত দত্ত আছিল অতি সুপৰিচিত।
অসমীয়া নাট্য জগতলৈ আগবঢ়োৱা তেওঁৰ অতুলনীয় অৱদানৰ বাবে তেওঁ ভবেন বৰুৱা বঁটা (২০১৭), ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯), মুন লাইট মিডিয়া বঁটা, অসম নাট্য সন্মিলনী বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮ আদি বঁটাৰে সন্মানিত হৈছে।
শেহতীয়াকৈ তেওঁ অসম চৰকাৰে প্ৰদান কৰা অসম সৌৰভ বঁটাৰেও সন্মানিত হৈছিল।