• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১ জন স্বামীক হত্যা! দ্বাদশ বিবাহৰ পিছত ধৰা পৰিল ‘ছিৰিয়েল কিলাৰ’ মহিলা! শিহৰণকাৰী ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 7:07 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ছিৰিয়েল কিলাৰ’ শব্দটোৰ অৰ্থ এতিয়া প্ৰায় সকলোৱে জানে। ইজনৰ পিছত সিজনক হত্যা কৰা যি হত্যাকাৰী। এনে চৰিত্ৰৰ কথা শুনিলেই ভয়ংকৰ চেহেৰাৰ বিকাৰগ্ৰস্ত মানুহৰ কথাই মনলৈ আহে। কিন্তু বহুতে ভাবিব পৰা নাছিল যে টকাৰ লোভত এগৰাকী সাধাৰণ গৃহিণী ইমান ভয়ানক হৈ উঠিব পাৰে। এজন বা দুজন নহয়, ছিৰিয়েল কিলাৰ এই মহিলাৰ হাতত প্ৰাণ হেৰুৱালে ১১ জনে। ইৰাণত সংঘটিত হৈছে এই ঘটনা।

অভিযুক্ত মহিলাগৰাকীৰ নাম কলছুম আখবাৰী। কিন্তু ভয়ংকৰ কাণ্ডৰ বাবে তেওঁক ‘ব্লেক উইডো’ বুলি অভিহিত কৰা হৈছে। তদন্তকাৰীয়ে অভিযোগ কৰিছে যে যোৱা ২২ বছৰত ১১ জন প্ৰাক্তন স্বামীক হত্যা কৰিছে। ১২ নং স্বামীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল যদিও শেষত বিফল হয়। আৰু তেনেকৈয়ে ধৰা পৰে মহিলাগৰাকী। তদন্তকাৰীৰ মতে এইটো দেশৰ ইতিহাসৰ অন্যতম জটিল ধাৰাবাহিক হত্যাকাণ্ড।

Apply Now

আৰক্ষীৰ চাৰ্জশ্বীটত দাবী কৰা হৈছে যে ৫৭ বছৰীয়া আখবাৰীয়ে ২০০০ চনৰ পৰাই বয়সস্থ পুৰুষক বিয়া কৰাইছিল। বিবাহৰ কেইদিনমান পিছত গোপনে হত্যা কৰিছিল, যাতে সম্পত্তি আৰু যৌতুকৰ ধন কাঢ়ি ল’ব পাৰে।

অভিযোগ অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত শেষ স্বামী আজিজুল্লা বাবাইক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কাকতলীয়াভাৱে সেই সময়ত পৰিয়ালৰ এজন বন্ধুৱে তেওঁলোকক জনাইছিল যে অভিযুক্ত মহিলাগৰাকীৰ প্ৰাক্তন স্বামীৰ সৈতে ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল। এই খবৰ পোৱাৰ পিছত আনুষ্ঠানিক তদন্ত আৰম্ভ কৰা হয়। ইয়াৰ ফলত কলছুমৰ অতীতৰ অপৰাধৰ এক দীঘলীয়া তালিকা উন্মোচিত হ’ল।

কলছুমে হত্যা কৰা এজন লোকৰ কন্যাই আদালতত কয় যে কলছুমে মৃত্যুক স্বাভাৱিক যেন লগাবলৈ পানীয়ৰ লগত হৃদৰোগৰ ঔষধ মিহলাইছিল। তদুপৰি মৃতকৰ পত্নীক সন্দেহ কৰাটো আৰক্ষীৰ বাবে কঠিন হৈছিল। ফলত সেই সময়ত আৰক্ষীয়ে হত্যাৰ প্ৰমাণ বিচাৰি নাপালে।

সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে ভুক্তভোগী পৰিয়ালে কলছুমৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰে। এই সকলোবোৰৰ মাজতো অভিযুক্ত মহিলাগৰাকীয়ে নিজৰ দোষ স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰে।

আখবাৰীৰ অধিবক্তাই দাবী কৰিছে যে আখবাৰী মানসিকভাৱে অসুস্থ। আনকি তেওঁ মানসিক স্বাস্থ্য পৰীক্ষাৰ বাবেও অনুৰোধ জনাইছে। কিন্তু ইয়াৰে এজন ভুক্তভোগীৰ উত্তৰাধিকাৰীয়ে এই দাবী মানি ল’বলৈ অনিচ্ছুক। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “এজন মানসিক ৰোগীয়ে ইমান নিখুঁত পৰিকল্পনাৰে ইমান মানুহক হত্যা কৰাটো সম্ভৱ নহয়।”

অৱশেষত দীৰ্ঘদিনীয়া তদন্তৰ অন্তত এই মাহতে আৰম্ভ হ’ল বিচাৰ। কিন্তু ইয়াৰ মাজতে আন এক বিতৰ্কৰ সৃষ্টি হৈছে। যিমানেই পলম হয় সিমানেই ক্ষতিগ্ৰস্ত পৰিয়ালবোৰৰ ক্ষোভ বাঢ়িছে। কাৰণ এই মৰ্মান্তিক গোচৰটোক লৈ ছ’চিয়েল মিডিয়াত ব্যাপ চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd