সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈ যায় ভাৰত আৰু কাজাখস্তানৰ মাজত এক গুৰুত্ব পূৰ্ণ বৈঠক। জানিব পৰা মতে দুই দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু সামৰিক সম্পৰ্ক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে বৈঠকত। কাজাখস্তানৰ প্রথম প্রতিৰক্ষা উপ-মন্ত্রী তথা জেনেৰেল ষ্টাফৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল চুলতান কমলেটদিনোভে ভাৰতৰ প্রতিৰক্ষা ৰাজ্যিক মন্ত্রী সঞ্জয় ছেথৰ সৈতে বৈঠকত মিলিত হয়৷ দুয়োপক্ষই এই কথাত একমত যে তেওঁলোকৰ প্ৰতিৰক্ষা অংশীদাৰিত্ব শক্তিশালী আৰু গতিশীল, সহযোগিতা আৰু উদ্ভাৱনৰ জৰিয়তে বৃদ্ধিৰ কৰাৰ উল্লেখযোগ্য সম্ভাৱনা আছে।
লেফটেনেণ্ট জেনেৰেল কমলেটডিনোভে প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতেও আলোচনাত মিলিত হয়। আলোচনাত দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক আগুৱাই নিয়া, যৌথ প্ৰশিক্ষণ, সামৰ্থ্য বিকাশ, আৰু প্ৰতিৰক্ষা প্ৰযুক্তি সহযোগিতাৰ অন্বেষণ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি জানিব পৰা গৈছে। তেওঁলোকে আঞ্চলিক ভূ-কৌশলগত পৰিৱেশৰ পৰ্যালোচনা কৰি আঞ্চলিক স্থিতিশীলতা আৰু বিশ্ব শান্তিৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰে।
উল্লেখ্য যে লেফটেনেণ্ট জেনেৰেল কামালেটডিনভৰ নেতৃত্বত ১০ জনীয়া কাজাখ প্ৰতিনিধি দলে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় পৰিদৰ্শন কৰে। ভাৰতৰ চিডিএছে অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে দেশৰ নিষ্ঠাৰ ওপৰত আলোকপাত কৰাৰ বিপৰীতে কাজাখ পক্ষই যৌথ অনুশীলন, প্ৰতিৰক্ষা প্ৰযুক্তি, আৰু বহুপক্ষীয় পদক্ষেপ সম্প্ৰসাৰণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।