গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত অসম চৰকাৰৰ উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ কৰি বাসিন্দাসকলক সকাহ প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। শেহতীয়া এক শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৯ আগষ্ট লৈকে স্থগিতাদেশ জাৰি কৰিছে উচ্ছেদ অভিযানত।
প্ৰাপ্ত তথ্য অনুসৰি উচ্চেদ কৰিবলগীয়া অঞ্চলসমূহ বনাঞ্চল নে ৰাজহ ভূমি ৰাজ্যই স্পষ্ট নকৰাৰ বাবেই এই নিৰ্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। সেয়ে আদালতে অঞ্চলটোৰ উচ্ছেদ অভিযানত হস্তক্ষেপ কৰিছে বুলি উল্লেখ কৰিছে।
উল্লেখ্য যে ফটাশিল সংৰক্ষিত বনাঞ্চলত বেদখল কৰাৰ অভিযোগত উচ্ছেদৰ জাননী লাভ কৰা প্ৰায় ৩০০ পৰিয়ালে আইনী প্ৰত্যাহ্বান জনোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। সোমবাৰে আদালতে লক্ষ্য কৰে যে ৰাজ্যখনৰ শপতনামাত মাটিৰ অৱস্থাৰ বিষয়ে সম্পূৰ্ণ বিৱৰণৰ অভাৱ। এতিয়া বিচাৰপীঠে ১৯ আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে, তেতিয়ালৈকে নিৰ্দিষ্ট পাহাৰীয়া অঞ্চলত কোনো ধৰণৰ উচ্ছেদ কাৰ্যকলাপ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে।
ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে যুক্তি দিছিল যে মাটিৰ শ্ৰেণীবিভাজনৰ সঠিক পৰীক্ষণ অবিহনে তেওঁলোকক অন্যায়ভাৱে লক্ষ্য কৰি লোৱা হৈছে। আদালতৰ এই আদেশে এনে কাৰ্যকলাপ আগবঢ়াই নিয়াৰ পূৰ্বে স্পষ্ট নথিপত্ৰৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে। এই সাময়িক স্থগিতাদেশে বাসিন্দাসকলক সকাহ দিছে যদিও এই সমস্যাই কি গতি ল’ব সেয়া পৰৱৰ্তী শুনানিয়ে নিৰ্ধাৰণ কৰিব।