যিবোৰ পথ অসম্পূৰ্ণ, গাঁতেৰে ভৰা বা যান-জঁটৰ বাবে ব্যৱহাৰৰ অনুপযোগী পথত যাত্ৰীৰ পৰা টোল টেক্স আদায় কৰিব নোৱাৰিব। এই কথা কয় উচ্চতম ন্যায়ালয়ে। ত্ৰিচুৰ জিলাৰ পলাইক্কাৰা প্লাজাত টোল সংগ্ৰহৰ সন্দৰ্ভত কেৰালা উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰে উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ আবেদন খাৰিজ কৰে। ৬ আগষ্টৰ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ কথা উল্লেখ কৰি বিচাৰপীঠে কয়, “গাঁত আৰু নলাৰে ভৰা পথ ব্যৱহাৰৰ বাবে পুনৰ ধন লোৱাৰ পৰিৱৰ্তে নাগৰিকক ইতিমধ্যে টোল দিয়া পথসমূহ ব্যৱহাৰ কৰাৰ স্বাধীনতা দিয়ক।”
একে সময়তে উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় সন্দৰ্ভতো কয়, “উচ্চ ন্যায়ালয়ৰ যুক্তিৰ সৈতে আমি কোনো কাৰণতে মতানৈক্য হ’ব নোৱাৰো।”
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই দাবী কৰিছে যে যদিও পথটোত যান-জঁটৰ সৃষ্টি হৈছিল, তথাপিও নিৰ্মাণকাৰ্যৰ বাবে ‘ব্লেক স্পট’ কম আছিল। একে সময়তে তেওঁলোকে কয় যে এই পৰিস্থিতি মাত্ৰ ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ ৫ কিলোমিটাৰ অংশতহে এই সমস্যা বিৰাজমান। কিন্তু উচ্চতম ন্যায়ালয়ে সেই দাবী নাকচ কৰি কয় যে ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫ কিলোমিটাৰত এই পৰিস্থিতি উপস্থিত থাকিলেও সমগ্ৰ অঞ্চলটো পাৰ হ’বলৈ বহু সময় লাগিছে। যোৱা সপ্তাহৰ শেষৰ ফালে প্ৰায় ১২ ঘণ্টা ধৰি পথ অৱৰোধ কৰা বুলিও বিচাৰপীঠে জনায়। শীর্ষ ন্যায়ালয়ে প্রশ্ন কৰে যে, “১২ ঘন্টা ধৰি আবদ্ধ হৈ থকা পথ এটা পাৰ হ’বলৈ এজন ব্যক্তিয়ে ১৫০ টকা কিয় দিব?”





