জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী কৰিছে অসম নাগৰিক সন্মিলনে।
অসম নাগৰিক সন্মিলনৰ হৈ- হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰে প্ৰকাশ কৰা বিবৃতিটো হুবহু প্ৰকাশ কৰা হ’ল-‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত পৰিচৰ্যাৰ গাফিলতিৰ বাবে যোৱা ১৭ আগষ্টৰ দিনা এটি অবোধ নবজাত শিশুৰ মৃত্যু আৰু তিনিটা নৱজাতকে আঘাত পোৱা ঘটনাটোৱে আমাক স্তম্ভিত কৰিছে। মৃত নৱজাতকৰ ঘটনাটো প্ৰকৃততে মৃত্যু নহয় হত্যাহে। এবাৰলৈ, সেই মৃত শিশুটিৰ হতভগীয়া পিতৃ-মাতৃ আৰু পৰিয়ালৰ কথা ভাবি চাওকচোন। খবৰ ওলাইছে ঘটনাৰ সময়ত মাত্ৰ এগৰাকী নাৰ্চেই হেনো ৩৫ টি নৱজাতকৰ দায়িত্বত আছিল। কোনো এটা যন্ত্ৰও হেনো আসোঁৱাহপূৰ্ণ আছিল। আন্তঃগাঁথনি মানে কেৱল প্ৰকাণ্ড অট্টালিকা বা লাখ-লাখ বা কোটিটকীয়া যন্ত্ৰপাতি বা সঁজুলি নহয়। তাৰ অপৰিহাৰ্য অংশ প্ৰয়োজনীয় চিকিৎসক, নাৰ্চ আৰু অন্যান্য সহায়কসকল।এটাৰ পাছত এটা প্ৰকাণ্ড অট্টালিকা নিৰ্মাণ কৰিয়ে যে স্বাস্থ্য সেৱাৰ উন্নতি কৰিব নোৱাৰি এই ঘটনাটোৱে তাক ভালদৰে উদঙাই দিছে।অসমৰ চিকিৎসালয় সমূহত বিচনা অনুপাতে বিশেষজ্ঞ চিকিৎসক আৰু প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চ আৰু অন্যান্য কৰ্মচাৰীৰ অভাৱৰ অভিযোগ প্ৰায়ে শুনা যায়। আমাৰ সন্দেহ হৈছে এগৰাকীক নাৰ্চক আটক কৰি সমগ্ৰ ঘটনাটোকে যেন গাপ দিয়াৰহে চেষ্টা কৰা হৈছে। আমি চৰকাৰৰ ওচৰত দাবী কৰোঁ অৱসৰ লোৱা অভিজ্ঞ আৰু সৎ চিকিৎসকৰ তিনিজনীয়া কমিটি এখনেৰে সমগ্ৰ ঘটনাটোৰ এটা তদন্ত কৰা হওক আৰু ইয়াৰ লগত জড়িত সকলোৰে উচিত শাস্তি হওক, লগতে ভবিষ্যতে যাতে পুনৰাই এনে ঘটনা নঘটে তাৰো তেওঁলোকে পৰামৰ্শ দিয়ক।’