অন্ধ্ৰ প্ৰদেশৰ কনাছিমা জিলা, মোৰাম্পুডি চহৰত অৱস্থিত এখন বিদ্যালয়ৰ হোষ্টেলত ৰেগিং কাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছে। দশম শ্ৰেণীৰ এজন ছাত্ৰৰ বিৰুদ্ধে দুজন সহপাঠীয়ে ভয়ংকৰ নিপীড়ন চলাইছিল বুলি অভিযোগ উঠিছে।
অভিযোগ অনুসৰি, ১৮ আগষ্টত হোষ্টেলৰ কোঠাত ভুক্তভোগী ছাত্ৰজনক দুজন সহপাঠীয়ে গৰম ইস্ত্ৰীৰে হাত, উৰু আৰু পেটত আঘাত দিছিল। ১৬ আগষ্টত হোষ্টেলৰ এটা চিচিটিভি কেমেৰা চুৰি হোৱা পৰিপ্ৰেক্ষিতত এই ঘটনাৰ সূত্ৰপাত হোৱা বুলি জনিব পৰা গৈছে। পিছত সেই কেমেৰাটো ভুক্তভোগী ছাত্ৰজনৰ বেগত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জনায়। ছাত্ৰজনে দাবী অনুসৰি আন দুজন সহপাঠীয়ে কেমেৰাটো চুৰি কৰি তেওঁৰ বেগত ৰাখিছিল।
ভুক্তভোগী ছাত্ৰজনে বিদ্যালয় কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে অৱগত কৰিও, অভিযোগ অনুসৰি, কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ব্যস্থা গ্ৰহণ কৰাৰ বিপৰিতে বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছিল বুলি অভিযোগ উঠিছে। প্ৰায় এক সপ্তাহ এই ঘটনাটো গোপন ৰখা বুলি জনিবোন পৰা গৈছে।
অৱশেষত ভুক্তভোগী ছাত্ৰজনৰ মাকে হোষ্টেলত লগ কৰিবলৈ যাওঁতে, শৰীৰত চিন দেখাত সকলো পোহৰলৈ আহিছে। তেতিয়াহে ছাত্ৰজনে মাকক সমগ্ৰ ঘটনাটো জনায় আৰু পিছত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়।
এই ঘটনাত বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকা লৈও তীব্ৰ প্ৰশ্ন উঠিছে। জিলা শিক্ষা বিষয়া বসুদেৰা ৰাৱয়ে সংবাদ মধ্যমৰ আগত প্ৰকাশ কৰা অনুসাৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু শীঘ্ৰই প্ৰতিবেদন দাখিল কৰা হ’ব।
এতিয়া ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে অভিযোগ উত্থাপিত ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে।