মেট্ৰিকত বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক মাতি আনি ৰাজহুৱাভাৱে পৰা গালি-গালাজৰ বাবেই এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালে। গুৱাহাটীত স্বাস্থ্য বিভাগৰ ৭৫ খন নতুন মৃত্যুঞ্জয় এম্বুলেন্সৰ উদ্বোধনী অনুষ্ঠানত আজি ৭ জুনত এই দাবী কৰে অসমৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
‘গোটেই সংবাদ মাধ্যমে মোক সমালোচনা কৰিলে। কিন্তু দিঠকত এইবাৰ বহুসংখ্যক বিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ গ’ল। কিছুমান বিদ্যালয়ত ৮০ শতাংশ ল’ৰা-ছোৱালীয়ে ৰিজাল্ট ভাল কৰিছে,‘ দাবী হিমন্ত বিশ্ব শৰ্মাৰ।
আনহাতে স্বাস্থ্য বিভাগত ভাল প্ৰদৰ্শন কৰিব নোৱৰা চিকিৎসক, বিষয়াকো শীঘ্ৰেই ‘মৰমৰ মাত দিব’ বুলি আজি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় ‘বেয়া খিনিকহে প্ৰশ্ন কৰিম, তেতিয়া দুই এষাৰ মৰমৰ মাত আপোনালোকক দিব লাগিব। কাৰণ এইটো মোৰ দায়িত্ব। মই দায়িত্ব পালন নকৰিলে ওপৰৱালাই নম্বৰ নিদিব, মই দৰমহা নাপাম, মোক ৰাইজে ভোট নিদিব।‘
স্বাস্থ্য বিভাগত ঠিকমতে সেৱা আগ নবঢ়োৱাসকলক উদ্দেশ্যি মন্ত্ৰীজনে কয় ‘হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰা কোনেও দৰমহা পোৱা নাই। তেওঁলোকে দৰমহা পাইছে জনসাধাৰণৰ পৰা লোৱা কৰৰ পৰা। স্বাস্থ্য বিভাগৰ ৫৪ গৰাকী চিকিৎসকৰ কৰ্মদক্ষতা একেবাৰে বেয়া। আপোনালোকৰ হাতত ৩-৪ মাহ সময় আছে, এই সময়খিনিৰ ভিতৰত আপোনালোকৰ কাম কৰা পদ্ধতি উন্নতি কৰক।‘
৩-৪ মাহৰ ভিতৰত ভাল প্ৰদৰ্শন কৰাসকলক ‘সভা’লৈ মতা নহয় বুলি উল্লেখ কৰি তেওঁ কয় ‘ৰোগীবিলাক ভাল হ’লেই হ’ল। তাত কোনোবাই মোক ভাল পায়, বেয়া পায়, সেয়া মোৰ প্ৰয়োজন নাই।‘
‘মোৰ ৰাজনীতিটো তেনেকৈ সজাইছো,‘ বুলি দাবী কৰি মন্ত্ৰী শৰ্মাই কয় ‘মই সংবাদ মাধ্যমৰ লগত ভাল হ’বলৈও চেষ্টা নকৰো। বেয়া হ’বলৈও চেষ্টা নকৰো। মই মোৰ কেৰিয়াৰৰ কথা চিন্তা কৰি নিজৰ পথত আগুৱাই যাম।‘
চিকিৎসকসকল সমস্যাৰ সন্মুখীন হ’লে ততালিকে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক অৱগত কৰিবৰ বাবে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আহ্বান জনাই কয় ‘আমাৰ মাজত যিবিলাকে এই সেৱাটোক বদনাম কৰি আছো, তেওঁলোক এতিয়া যুদ্ধক্ষেত্ৰৰ বাবে সাজু হ’বৰ হ’ল।’