অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই নতুন দিল্লীত বায়ুসেনা বাহিনীৰ উপ সেনাধ্যক্ষ, এয়াৰ মাৰ্শ্বেল এছ বি দেওক (পিভিএছএম, এভিএছএম, ভিএম, ভিএছএম, এডিচি) সাক্ষাৎ কৰে। ৰাজ্যপাল মিশ্ৰই সেনাধ্যক্ষগৰাকীক সাক্ষাৎ কৰি অৰুণাচলী যুৱক-যুৱতীসকলে ভাৰতীয় সামৰিক বাহিনীৰ বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ উৎসাহিত কৰাৰ বাবে আৰম্ভণি কৰা ‘পে বেক টু দ্য ছ’চাইটী, অৰুণাচল প্ৰদেশ’ নামৰ কাৰ্যসূচীটোৰ ওপৰত এটা চমু ধাৰণা প্ৰদান কৰে।
ৰাজ্যখনৰ স্বাৰ্থৰ হকে, বিশেষকৈ যুৱশক্তিৰ স্বাৰ্থৰ হকে ৰাজধানী দিল্লীত বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত ৰাজ্যপালগৰাকীয়ে ভাৰতীয় বায়ুসেনা বাহিনীৰ উপ মুখ্য সেনাধ্যক্ষগৰাকীক সাক্ষাৎ কৰি তেওঁক জনায় যে অৰুণাচলৰ পৰা ভাৰতীয় সামৰিক বাহিনীত কৰ্তব্যৰত মহিলা বিষয়াসহ কেইগৰাকীমান বিষয়াই ‘পে বেক টু ছ’চাইটী’ নামৰ এটা গোট গঠন কৰিছে। ৰাজ্যপালগৰাকীৰ অনুৰোধত গঠিত এই গোটটোৰ সদস্যসকলে ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়লৈ গৈ ভাৰতীয় সামৰিক বাহিনীত বিষয়া হিচাপে যোগদান কৰি দেশলৈ সেৱা আগবঢ়োৱাৰ বাবে বাবে যুৱচামক অনুপ্ৰেৰণা যোগাব।
ৰাজ্যপালগৰাকীয়ে উপ-মুখ্য সেনাধ্যক্ষগৰাকীক অনুৰোধ কৰে যাতে এই গোটটোৰ অন্তৰ্গত বিষয়াসকলক বছৰৰ কেইদিনমান ছুটি প্ৰদান কৰি তেওঁলোকক ৰাজ্যখন ভ্ৰমণ কৰি ‘পে বেক টু ছ’চাইটী’ৰ অন্তৰ্গত সামাজিক অভিযান বাস্তৱায়িত কৰাৰ সুযোগ প্ৰদান কৰে।
উপ-মুখ্য সেনাধ্যক্ষগৰাকীয়ে ৰাজ্যপালগাৰকীক আশ্বাস প্ৰদান কৰে যে তেওঁ ‘পে বেক টু ছ’চাইটী’ গোটটোৰ সৈতে ইতিবাচক সহযোগিতা আগবঢ়াব। তেওঁ লগতে আৰু কয় যে অৰুণাচল প্ৰদেশ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত তথা অৰুণাচলৰ যুৱচামৰ ভৱিষ্যত গঠন কৰাত অৱদান যোগাবলৈ পালে তেওঁ আনন্দ লাভ কৰিব।