ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বেচৰকাৰী সংস্থা (এন জি অ’) হিচাপে কাম-কাজৰ তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে নিটি আয়োগে।
এন জি অ’ হিচাপে নিজৰ কাম-কাজ চলোৱাৰ বাবে আৰ এছ এছৰ পঞ্জীয়ন প্ৰমাণ পত্ৰৰ প্ৰতিলিপি বিচৰা আৰ টি আই আবেদনৰ উত্তৰত নিটি আয়োগৰ স্বেচ্ছাসেৱী কাৰ্য্য কোষে এই তথ্য “ব্যক্তিগত” আৰু “তৃতীয় পক্ষৰ তথ্য” বুলি কয়। এই তথ্য নাকচ কৰিবলৈ সংগঠনটোৱে আৰ টি আই আইন, ২০০৫ৰ ধাৰা ৮(জে)ৰ উদ্ধৃতি দিছিল।
এই আবেদন দাখিল কৰিছিল, পানীপটস্থিত আৰ টি আই কৰ্মী পি পি কাপুৰে। চলিত বৰ্ষৰ ১৫ আগষ্টত ৭৯ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ এছ এছক এন জি অ’ বুলি অভিহিত কৰাৰ কথা উল্লেখ কৰি এই আবেদন দাখিল কৰা হৈছিল।
১৭ আগষ্টত দাখিল কৰা আৰ টি আই আবেদনত আবেদনকাৰী কাপুৰে পঞ্জীয়ন অভিলেখ অনুসৰি আৰ এছ এছৰ “লক্ষ্য আৰু উদ্দেশ্য”ৰ প্ৰমাণিত কপি আৰু সংস্থাটোৱে ফাৰ্ম এণ্ড ছ’চাইটিৰ মহাপঞ্জীয়কক দাখিল কৰা বাৰ্ষিক অডিট প্ৰতিবেদন, বেলেন্স শ্বীট, আৰু বাৰ্ষিক আয়-ব্যয়ৰ প্ৰতিবেদনৰ কপিও বিচাৰিছিল। অৱশ্যে তেওঁৰ উত্তৰত স্বেচ্ছাসেৱী কাৰ্য্য কোষৰ কেন্দ্ৰীয় জনসংযোগ বিষয়া দীপক নাইলৱালে এই তথ্য “উপলব্ধ নহয়” বুলি উল্লেখ কৰে।
আৰ এছ এছৰ বৰ্তমানৰ বিষয়ববীয়াসকলৰ ওপৰত কৰা এক প্ৰশ্নৰ উত্তৰত চি পি আই অ’ই উত্তৰ দিছিল যে তথ্যসমূহ ৰাজহুৱা ডমেইনত উপলব্ধ আৰু দৰ্পন পৰ্টেলৰ পৰা পোৱা যাব।
কাপুৰে অভিযোগ কৰে যে, আৰ এছ এছৰ সৈতে জড়িত তথ্যসমূহ ইচ্ছাকৃতভাৱে লুকুৱাই ৰখা হৈছে। কাপুৰে এক প্ৰেছ বিবৃতিত কয়, ‘স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰৰ আগত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে আৰ এছ এছ এটা বেচৰকাৰী সংস্থা।তেওঁ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক তেওঁৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে বাতৰি কাকতৰ লেখাত প্ৰশংসাও কৰিছিল।কিন্তু আৰ টি আইৰ এই উত্তৰত স্পষ্ট হৈ পৰিছিল যে আৰ এছ এছ পঞ্জীয়ন অবিহনে চলি থকা অবৈধ সংস্থা।’