মণিপুৰত উগ্ৰপন্থী দমনত যথেষ্ট সফলতা অৰ্জন কৰিছে নিৰাপত্তা বাহিনীয়ে। শেহতীয়াকৈ সেনা-আৰক্ষীয়ে একাধিক স্থানত যৌথ অভিযান চলাই চাৰিজন উগ্ৰপন্থী নেতাক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে চিন কুকি মিজো আৰ্মীৰ কমাণ্ডাৰ ইন চিফ পাওখোলেন গুইটে। চুৰাচান্দপুৰ জিলাৰ এছ মুনুয়াম অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে গুইটেক।
আৰক্ষীয়ে দাবী কৰিছে যে ভাৰত-ম্যানমাৰ সীমান্তত অস্ত্ৰ আৰু ড্ৰাগছৰ সৰবৰাহ, ধন দাবীকে ধৰি একাধিক অপৰাধত গুইটে প্ৰত্যক্ষভাৱে জড়িত আছিল। তেওঁৰ পৰা দুটা এ কে ৪৭ ৰাইফল, ১৮১ ৰাউণ্ড গুলী, প্ৰায় এক লাখ টকা নগদ ধন আৰু এখন গাড়ী জব্দ কৰা হৈছে।
ইয়াৰ উপৰিও এটা পৃথক অভিযানত পিপলছ লিবাৰেশ্যন আৰ্মীৰ তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা মাহত বিষ্ণুপুৰ জিলাৰ নামবোলত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণৰ লগত তেওঁলোক পোনপটীয়াকৈ জড়িত আছিল। সেই আক্ৰমণত কেইবাজনো জোৱান আহত হৈছিল।
নিৰাপত্তাৰক্ষীৰ মতে, শীৰ্ষ নেতা গুইটক গ্ৰেপ্তাৰ কৰাটো উগ্ৰপন্থীসকলৰ বাবে এক বৃহৎ আঘাত। অৱশ্যে মণিপুৰত শান্তি ঘূৰাই আনিবলৈ এতিয়াও বহু দূৰ বাকী আছে।





