• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকৰ মুখামুখি হ’বলৈ সাহস নাই ননী গোপাল মহন্তৰ! দুবাৰকৈ সংবাদমেলৰ সময় সলাই অৱশেষত লিখিত বিবৃতি প্ৰেৰণ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2025 9:19 pm
323
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ তথা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ননী গোপাল মহন্তৰ বিৰুদ্ধে উত্থাপন হিছে ব্যাপক বিত্তীয় অনিয়ম, স্বজন-তোষণ আৰু কেতবোৰ বিস্ফোৰক অভিযোগ। এই অভিযোগ উত্থাপন হোৱাৰ পিছত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ উপাচাৰ্য ননী গোপাল মহন্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উক্ত স্মাৰক পত্ৰত উল্লেখ কৰে যে ননী গোপাল মহন্তৰ বিৰুদ্ধে বিত্তিয় অনিয়ম, দুৰ্নীতি আৰু স্বজন-তোষণৰ যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু মৰ্যাদা হানি কৰিছে। গতিকে, ননী গোপাল মহন্তই নিৰপেক্ষ তদন্তৰ দাবী জনাই নিজৰ পদৰ পৰা অব্যাহতি ল’ব লাগে। অন্যথা এই অভিযোগবোৰ মিছা বুলি তথ্য সহকাৰে প্ৰমাণ দাঙি ধৰিব লাগে।

Apply Now

ইয়াৰ এদিনৰ পিছত এখন সংবাদমেলৰ আয়োজন কৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। শুকুৰবাৰে দিনৰ ১১ বজাত এখন সংবাদমেল আয়োজন কৰি সাংবাদিক সকলক আমন্ত্ৰণ জনোৱা হয়।  কিন্তু পৰৱৰ্তী সময়ত ১১ বজাত হ’বলগীয়া সংবাদমেল বাতিল কৰি বিয়লি ৪ বজালৈ পিছুৱাই দিয়া হয়। ইফালে বিয়লি ৪ বজাত সংবাদমেল সম্বোধন কৰাৰ সলনি সংবাদ মাধ্যমলৈ এখন গা এৰা দিয়া বিবৃতি প্ৰেৰণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক উৎপল শৰ্মাই।

উৎপল শৰ্মাই উক্ত বিবৃতিত ননী গোপাল মহন্তৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ নসাৎ কৰে। সংবাদ মাধ্যমে মিছা বাতৰি প্ৰচাৰ কৰি ননী গোপাল মহন্তৰ ভাবমূৰ্তি নষ্ট কৰাৰ অপচেষ্টা কৰিছে বুলি উৎপল শৰ্মাই বিবৃতিটোত উল্লেখ কৰে।

বিবৃতিটোত উল্লেখ কৰা হৈছে, “শেহতীয়াকৈ কিছুমান বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যমত বিশ্ববিদ্যালয়ৰ প্ৰশাসন বিশেষকৈ মাননীয় উপাচাৰ্যৰ বিৰুদ্ধে কিছুমান ভিত্তিহীন অভিযোগ প্রকাশিত হৈছে। বিশ্ববিদ্যালয় কর্তৃপক্ষই এই অভিযোগসমূহক সম্পূর্ণভাৱে মিথ্যা, তথ্যহীন আৰু বিভ্রান্তিমূলক বুলি উল্লেখ কৰিছে। এইবোৰ অভিযোগ বিশ্ববিদ্যালয়ৰ গৰিমা ক্ষুণ্ণ কৰা আৰু উপাচাৰ্যৰ ভাবমূর্তি বিনষ্ট কৰাৰ উদ্দেশ্যৰে কৰা এক অপচেষ্টা বুলি বিশ্ববিদ্যালয়ৰ পক্ষৰ পৰা জনোৱা হৈছে।”

উত্থাপি অভিযোগ ভুল বুলি তথ্য-প্ৰমাণ দাঙি ধৰাৰ সলনি উৎপল শর্মাই বিবৃতিটোত লিখিছে এইদৰে – “বিশ্ববিদ্যালয়খনে সম্পূর্ণ স্বচ্ছতা আৰু সততাৰে কাম কৰে। প্ৰতিটো বিত্তীয় আৰু প্রশাসনিক সিদ্ধান্ত যথাযথ প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰা হয় আৰু একাধিক স্তৰৰ প্ৰতিষ্ঠানিক তথা বিধিগত অনুমোদনৰ মাজেৰে কাৰ্যকৰী কৰা হয়। শেহতীয়াকৈ উপাচার্য আৰু বিশ্ববিদ্যালয়ৰ সুনামত চেকা লগোৱাৰ প্ৰচেষ্টা দুর্ভাগ্যজনক, ভিত্তিহীন আৰু ৰাজনৈতিক চক্ৰান্তৰ নিদর্শন।”

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দিয়া স্মাৰক পত্ৰত এটা কথা উল্লেখ কৰা হৈছিল যে বিশ্ববিদ্যালয়খনৰ কামৰ নিবিদাৰ ক্ষেত্ৰত অনিময় সংঘটিত হৈছে। এই সম্পৰ্কে চাফাই দি উৎপল শৰ্মাই লিখিছে, “ উচ্চ মূল্যৰ প্ৰকল্প আদিৰ ক্ষেত্ৰত www.assamtenders.gov.in ৰ জৰিয়তে ই-টেণ্ডাৰ পদ্ধতিত মুকলি নিবিদা আমন্ত্ৰণ কৰা হয় আৰু বিশ্ববিদ্যালয়ৰ নীতি-নিয়ম অনুসৰি বাতৰি কাকতৰ বিজ্ঞাপনৰ জৰিয়তে ইয়াৰ তথ্য প্ৰকাশ কৰা হয়। বর্তমানলৈ প্রকল্প আবণ্টনৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম হোৱা নাই বুলি বিশ্ববিদ্যালয়ে নিজৰ স্থিতি প্রকাশ কৰিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে এই অভিযোগসমূহ সম্পূর্ণ ভিত্তিহীন আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসন ব্যৱস্থা আৰু নিয়মৰ বিষয়ে ভুল ধাৰণা সৃষ্টি কৰাৰ এক অপচেষ্টা | ”এই অভিযোগ-প্ৰতিঅভিযোগৰ মাজত এতিয়া আন এটা কথা চৰ্চালৈ আহিছে। সাংবাদিকৰ মাজলৈ আহি অভিযোগ আৰু প্ৰশ্নৰ মুখামু্খি হ’বলৈ কিয় সাহস নহ’ল ননী গোপাল মহন্তৰ? লগতে, উত্থাপন হৈছে এটা প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ  তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সমৰ্থক হোৱাৰ  হোৱাৰ বাবেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত নিযুক্তি লাভ কৰিছিল নেকি ননী গোপাল মহন্তই?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd