আমেৰিকাৰ টেনেচি প্ৰদেশৰ মিলিটাৰী এক্সপ্লোছিভ ফেক্টৰীত সংঘটিত এক বৃহৎ বিস্ফোৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় সূত্ৰই জনোৱা মতে, দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু কৰ্মী এতিয়াও সন্ধানহীন হৈ আছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে বহু মাইল দূৰলৈকে তাৰ শব্দ শুনা গৈছিল। চাৰিওফালৰ বহু ঘৰৰ দেৱাল কঁপি উঠিছিল।
হিকমেন কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি টেনেচিৰ বক্সনৰ্থ চহৰৰ ওচৰৰ একুৰেট এনাৰ্জেটিক চিষ্টেমছ নামৰ এটা কাৰখানাত সংঘটিত হৈছে এই কাণ্ড। এইটো নেচভিল চহৰৰ পৰা প্ৰায় ৬০ মাইল দক্ষিণ-পশ্চিমে অৱস্থিত। এই কাৰখানাটোত সামৰিক ব্যৱহাৰৰ বাবে বিস্ফোৰক প্ৰস্তুত কৰা হয়।
স্থানীয় সময় অনুসৰি শুকুৰবাৰে বিয়লি কাৰখানাৰ ভিতৰত হঠাতে সংঘটিত হয় এক বৃহৎ বিস্ফোৰণ। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে বিস্ফোৰণৰ শব্দ বজ্ৰপাতৰ দৰে শুনা গৈছিল। বহুতো ঘৰৰ খিৰিকী-দুৱাৰ কঁপি উঠিছিলল, ঘৰবোৰৰ দেৱালবোৰ ফাটি যায়। বিস্ফোৰণৰ পিছত চাৰিওফালে জুই আৰু ধোঁৱা বিয়পি পৰে।
মৃত্যুৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই যদিও স্থানীয় কৰ্তৃপক্ষই একাধিক লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো কৰ্মী নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় বৃহৎ সংখ্যক অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স আৰু আৰক্ষী। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। শ্বেৰিফৰ কাৰ্যালয়ে জনসাধাৰণক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ কয় যাতে উদ্ধাৰ অভিযান মসৃণভাৱে চলিব পাৰে।
ধ্বংসাৱশেষত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ চেষ্টা এতিয়াও অব্যাহত ৰাখিছে জৰুৰীকালীন সেৱাই। বিস্ফোৰণৰ ফলত কাৰখানাটোৰ এটা বৃহৎ অংশ ভাঙি গৈছে।
স্থানীয় বাসিন্দাসকলে কয় যে বিস্ফোৰণৰ শব্দ ইমানেই বেছি যে তেওঁলোকে ভূমিকম্প বুলি ভাবিছিল। বহুতে ঘৰৰ পৰা দৌৰি ওলাই আহিল। “আমি মাত্ৰ এটা বিশাল বিস্ফোৰণ শুনিলোঁ, তাৰ পিছত আমি গম পালোঁ যে কিবা এটা ভয়ংকৰ কথা হৈছে। আনকি ঘৰটোও কঁপি উঠিল।”
এক্যুৰেট এনাৰ্জেটিক চিষ্টেমছ দীৰ্ঘদিন ধৰি আমেৰিকাৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে বিস্ফোৰক নিৰ্মাতা প্ৰতিষ্ঠান। অৱশ্যে স্থানীয় সূত্ৰই জনোৱা মতে, এই কাৰখানাটোত ইয়াৰ পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। ফলত এই ঘটনাৰ পিছত পুনৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ইতিমধ্যে স্থানীয় প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত কাৰখানাটোৰ ভিতৰত জমা হৈ থকা বিস্ফোৰক সামগ্ৰীত কিবা কাৰণত জুই লাগিছিল বুলি ধাৰণা কৰা হৈছে আৰু সেইবাবেই ভয়ংকৰ বিস্ফোৰণৰ সৃষ্টি হৈছিল। অৱশ্যে চূড়ান্ত তদন্তৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব।
সম্প্ৰতি সমগ্ৰ অঞ্চলটো নিৰাপত্তাৰক্ষীয়ে বেৰি ৰাখিছে। আমেৰিকাৰ ফেডাৰেল সংস্থাসমূহেও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।





