‘মেক আমেৰিকা গ্ৰেট এগেইন’ শ্লোগানেৰে পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল ড’নাল্ড ট্ৰাম্প। কিন্তু এতিয়া তেওঁৰ নতুন নীতিয়ে আমেৰিকাত আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত কেৱল অবৈধ আৰু বৈধ অনুপ্ৰৱেশকাৰীয়েই নহয়, আমেৰিকাৰ জনসাধাৰণো প্ৰভাৱিত হৈছে।
ট্ৰাম্পৰ নতুন নীতিৰ ফলত আমেৰিকাৰ কলেজ, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰকল্পৰ বাবে ধন বহু পৰিমাণে হ্ৰাস পাইছে। বহু মহাবিদ্যালয় এতিয়া পুঁজিৰ অভাৱত ভূগিছে, যাৰ বাবে পি এইচ ডি শিক্ষাৰ্থীৰ সংখ্যা কমি আহিছে। চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ট্ৰাম্প প্ৰশাসনে ৬.৯-৮.২ বিলিয়ন ডলাৰৰ অনুদান বাতিল কৰিছে।
ট্ৰাম্পৰ নতুন নীতিৰ বাবে বহু আমেৰিকান লোকে দেশ এৰি নিজৰ গৱেষণা আন দেশৰ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰিবলৈ বাধ্য হৈছে। পুঁজিৰ অভাৱত ভাৰতীয়-আমেৰিকান আৰু অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী এষ্টাৰ ডুফ্লোৱে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) এৰি জুৰিখ বিশ্ববিদ্যালয়লৈ (ইউ জে এইচ) স্থানান্তৰিত হৈছে, য’ত তেওঁলোকে ডেভেলপমেন্ট ইকোনমিৰ কেন্দ্ৰ স্থাপন কৰিব।
শুকুৰবাৰে জুৰিখ বিশ্ববিদ্যালয়ে ঘোষণা কৰে যে দম্পতীহালে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ গৱেষণা এৰি অহা জুলাইৰ পৰা অৰ্থনীতি বিভাগত যোগদান কৰিব। কিন্তু জুৰিখ বিশ্ববিদ্যালয়ে এই দম্পতীহালে কিয় আমেৰিকা এৰিছে সেই কথা স্পষ্ট কৰা নাই। অৱশ্যে এই বিষয়টো ড’নাল্ড ট্ৰাম্পৰ পুঁজি কৰ্তন কৰাৰ নীতিৰ সৈতে জড়িত, যিটো তেওঁৰ দলে ধাৰাবাহিকভাৱে অপচয় বুলি অভিহিত কৰি আহিছে।
অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী এষ্টাৰ ডুফ্লোৱে এনে এক সময়ত ছুইজাৰলেণ্ডলৈ গুচি গৈছে যি সময়ত বিশেষজ্ঞসকলে আমেৰিকাৰ পৰা ব্ৰেইন ড্ৰেইনৰ সতৰ্কবাণী দিছে। ইফালে কিছুমান দেশে আমেৰিকাৰ বিজ্ঞানী আৰু গৱেষকক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে।
আমেৰিকান-ফ্ৰান্সৰ দ্বৈত নাগৰিক অভিজিত বেনাৰ্জীৰ পত্নী ডুফ্লোৱে শেহতীয়াকৈ চলিত বৰ্ষৰ মাৰ্চ মাহত ড’নাল্ড ট্ৰাম্পৰ নীতিক আমেৰিকাৰ বিজ্ঞানৰ বিৰোধী বুলি সমালোচনা কৰি এটা স্তম্ভলেখ লিখিছিল। অৱশ্যে কিয় এই দম্পতীয়ে আমেৰিকা এৰিব লগা হৈছে সেই সন্দৰ্ভত কোনো উল্লেখ কৰা হোৱা নাই।
ইপিনে, ইউনিভাৰ্চিটি অৱ জুৰিখৰ প্ৰেছিডেন্ট মাইকেল শ্বেপমেনে কয় যে, “আমি আনন্দিত যে বিশ্বৰ দুজন প্ৰভাৱশালী অৰ্থনীতিবিদে ইউ জেড এইচ (UZH)ত যোগদান কৰিছে।” ইউ জেড এইচত যোগদান কৰাৰ সন্দৰ্ভত ডুফ্লোৱে কয় যে তেওঁ এম আই টিৰ সৈতে অংশকালীনভাৱে কাম কৰি নিজৰ গৱেষণা সম্প্ৰসাৰণ কৰিব। ডুফ্লোৱে কয় যে তেওঁ আৰু তেওঁৰ স্বামী দুয়োজনেই লেহমান ফাউণ্ডেশ্যনৰ পুঁজিৰে গঠিত ইউ জে এইচত অধ্যাপনা কৰিব।
অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী এষ্টাৰ ডুফ্লোৱে জনস্বাৰ্থত অৰ্থনীতিৰ দীৰ্ঘদিনীয়া গৱেষণাৰ স্বীকৃতি স্বৰূপে যৌথভাৱে ২০১৯ চনৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে। আগতে তেওঁলোকে আমেৰিকাৰ বিশ্ববিখ্যাত ইউনিভাৰ্চিটি অৱ মেছাচুচেটছত গৱেষণা কৰিছিল। কিন্তু এইবাৰ নোবেল বঁটা বিজয়ী দম্পতীয়ে নিজৰ কৰ্মক্ষেত্ৰ সলনি কৰিবলৈ ওলাইছে। অহা বছৰ তেওঁলোকে জুৰিখ বিশ্ববিদ্যালয়ত যোগদান কৰিব।
জুৰিখ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ চেয়াৰমেন ফ্লৰিয়ান শ্বেয়াৰে তেওঁৰ এক্স হেণ্ডেলত এটা পোষ্টত কয় যে, “২০১৯ চনৰ নোবেল বিজয়ী দম্পতীয়ে ২০২৬ চনৰ ১ জুলাইৰ পৰা বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি বিভাগত ‘লেহমান ফাউণ্ডেশ্যনৰ অৰ্থনীতি বিভাগৰ অধ্যাপক’ হিচাপে যোগদান কৰিব। তেওঁলোকৰ চাৰিওফালে প্ৰায় ৩২ মিলিয়ন ডলাৰৰ অনুদানেৰে এটা নতুন কেন্দ্ৰ, ‘লেহমান চেণ্টাৰ ফৰ ডেভেলপমেণ্ট, এডুকেচন এণ্ড পাব্লিক পলিচি’ নিৰ্মাণ কৰা হৈছে। অভিজিত বিনায়ক বেনাৰ্জী আৰু এষ্টাৰ ডুফ্লোৱে আমাৰ বিশ্ববিদ্যালয়ত যোগদান কৰাটো ঐতিহাসিক। আমাৰ প্ৰতিষ্ঠানৰ মৰ্যাদা আৰু বৃদ্ধি পাব।”





