• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদ্যালয়ত যৌন শিক্ষা প্ৰৱৰ্তনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ! ইয়াৰ বাবে সাজু নে ভাৰত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2025 4:20 pm
সংগৃ্হীত

সংগৃ্হীত

37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে শেহতীয়া এক শুনানিত দেশৰ শিক্ষা ব্যৱস্থাত যৌন শিক্ষা প্ৰৱৰ্তন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে। উচ্চতম ন্যায়ালয়ে নৱম শ্ৰেণীৰ পূৰ্বেই বিদ্যালয়ত যৌন শিক্ষাৰ প্ৰৱৰ্তনৰ আহ্বান জনাইছে, যাতে শিশুসকল যৌৱন অৱস্থা আৰু  সুৰক্ষাৰ বিষয়ে শিকিব পাৰে।

এই বিষয়টো, ধৰ্ষণৰ অভিযোগত অভিযুক্ত ১৫ বছৰীয়া কিশোৰৰ এটাৰ গোচৰৰ শুনানি গ্ৰহণৰ সময়ত পোহৰলৈ আহিছে। এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আগতীয়া শিক্ষাই এনে অপৰাধ ৰোধ কৰিব পাৰে বুলি মত পোষণ কৰে। কিন্তু ভাৰতীয় সামাজ ব্যৱস্থাত যৌনতাৰ সন্দৰ্ভত থকা নিষিদ্ধতা, অপ্ৰশিক্ষিত শিক্ষক আৰু অজ্ঞান অভিভাৱকৰ আদি কাৰকৰ উপস্থিতিত ভাৰতৰ শিক্ষা ব্যৱস্থাত যৌন শিক্ষা প্ৰৱৰ্তনৰ বাবে সাজু নে, সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে।

Apply Now

ভাৰতত শিশুৰ যৌন নিৰ্যাতনৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱে উদ্বেগৰ সৃষ্টি কৰিছে। ভাৰতত প্ৰতি বছৰে প্ৰায় ৩০,০০০ ধৰ্ষণৰ ঘটনা সংঘটিত হয় আৰু বাল্যবিবাহৰ সংখ্যাও ভাৰতত অধিক। বহু কিশোৰে পৰ্ণগ্ৰাফীৰ পৰা যৌনতাৰ বিষয়ে শিকে, যাৰ ফলত সন্মতি আৰু সম্পৰ্কৰ বিষয়ে বিকৃত ধাৰণাৰ সৃষ্টি হয়। অধ্যয়নত দেখা গৈছে যে ভাল যৌন শিক্ষাই প্ৰথমবাৰৰ যৌন সম্পৰ্কত বিলম্ব ঘটায় আৰু নিৰাপদ আচৰণৰ প্ৰসাৰ ঘটায়।

উল্লেখ্য যে নেদাৰলেণ্ডৰ দৰে দেশত ৪ বছৰ বয়সৰ পৰাই যৌন শিক্ষা আৰম্ভ হয়, যাৰ ফলত ইউৰোপত কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ আটাইতকৈ কম। ছুইডেন আৰু ব্ৰিটেইনতো প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়।

ইয়াৰ বিপৰিতে ভাৰতত এই প্ৰচেষ্টাসমূহে তীব্ৰ সমালোচনাৰ হে সন্মুখীন হৈছে। ২০০৭ চনত কেইবাখনো ৰাজ্যই এনচিইআৰটিৰ কাৰ্যসূচীক “সাংস্কৃতিক বিৰোধী” বুলি অভিহিত কৰি নিষিদ্ধ কৰে। শেহতীয়াকৈ চিবিএছইৰ ২০১৯ চনৰ সংস্কৰণত যৌন শিক্ষাৰ বিষয়টো সংযোজন কৰা বাবে সমালোচনাৰ সন্মুখীন হৈছে। এনে ধৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে কিছুমান ৰাজ্যই যৌন শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। শেহতীয়া তথ্য  অনুসৰি কৰ্ণাটকত ২০২৬ বৰ্ষত অষ্টম শ্ৰেণীৰ পৰা যৌন শিক্ষাৰ পাঠদান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, আৰু ঝাৰখণ্ডত মাহেকীয়া পাঠ্যক্ৰম অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে যৌন শিক্ষ প্ৰৱৰ্তনৰ পিছতো কিছুমান সমস্যাই দেখা দিছে। কেৰালাৰ এক অধ্যয়নত দেখা গৈছে যে এই বিষয়ত বেছিভাগ শিক্ষকৰ মৌলিক জ্ঞানৰ অভাৱ। ঋতুস্ৰাৱৰ দৰে বিষয়ক একাংশ শিক্ষকে সংস্কৃতিৰ বিৰুদ্ধ বুলি মত পোষণ কৰে। সেয়ে বিশেষজ্ঞসকলে প্ৰথমে শিক্ষকক প্ৰশিক্ষণ দিয়া আৰু অভিভাৱকৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে।

ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থাত যৌন শিক্ষা প্ৰৱৰ্তনৰ দিশত এখোজ আগুৱাই গৈছে যদিও ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সযতনে পৰিকল্পনা কৰাৰ প্ৰয়োজন। আৰু এইটো উপলব্ধি কৰা প্ৰয়োজন যে যৌন শিক্ষাইহে সংগীক সন্মান কৰা আৰু নিৰ্যাতন হ্ৰাস কৰাত সহায় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd